All about Semen Analysis(শুক্ৰাণু বিশ্লেষণ )
- Published on May 10, 2023

শুক্ৰাণু বিশ্লেষণ পৰীক্ষা কি
যদি আপুনি এই লেখাটো পঢ়িছে, তেন্তে আপুনি হয়তো ভাবিছে যে বীৰ্য্য বিশ্লেষণ আপোনাৰ বাবে সঠিক পছন্দ হ’ব পাৰে নেকি — আৰু আপুনি কেনেকৈ এই শুক্ৰাণু পৰীক্ষাৰ বাবে প্ৰস্তুত হ’ব পাৰিব যাতে আপুনি আটাইতকৈ সঠিক আৰু মূল্যৱান ফলাফল পায়।
প্ৰজনন ক্ষমতাত শুক্ৰাণু এটা মূল উপাদান। (ই আপোনাৰ ভৱিষ্যত সন্তানৰ ডি এন এৰ ৫০% অংশ গঠন কৰে।) আপোনাৰ শুক্ৰাণু সুস্থ হয় নে নহয় সেইটো জানিবলৈ একমাত্ৰ উপায় হ’ল শুক্ৰাণুৰ বিশ্লেষণ কৰা। পুৰুষৰ বীৰ্য্য স্খলন হ’লে লিংগৰ পৰা সাধাৰণতে শুক্ৰাণু নিৰ্গত হয়। শুক্ৰাণু হৈছে পুৰুষৰ প্ৰজনন কোষ। শুক্ৰাণুৰ মূৰত মহিলাৰ ডিম্বাণু নিষিক্ত কৰিবলৈ জেনেটিক মেটেৰিয়েল (ডি এন এ) থাকে। ইয়াত থকা নেজে শুক্ৰাণুক মহিলাৰ প্ৰজনন তন্ত্ৰৰ মাজেৰে যাত্ৰা কৰি ডিম্বাণুৰ ওচৰলৈ গৈ নিষেচন কৰাত সহায় কৰে। শুক্ৰাণুত থকা তৰল পদাৰ্থই মহিলাৰ যোনিৰ পিছফালে শুক্ৰাণু জমা কৰাটো সম্ভৱ কৰি তোলে। যৌন কাৰ্য্যৰ সময়ত পুৰুষৰ লিংগৰ পৰা ওলোৱা এই ডাঠ তৰল পদাৰ্থ বীৰ্য্যত থকা শুক্ৰাণুৱে এটা ডিম্বাণু নিষিক্ত কৰি ভ্ৰূণ সৃষ্টি কৰিব পাৰে (গৰ্ভাৱস্থাৰ প্ৰথম পৰ্যায়)।
শুক্ৰাণুৰ বিশ্লেষণ হৈছে লেবত কৰা পৰীক্ষা, য’ত শুক্ৰাণুৰ নমুনা এটা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰা হয়। ইয়াত শুক্ৰাণুৰ সংখ্যা, কাৰ্যকলাপ (গতিশীলতা) আৰু আকৃতি (ৰূপবিজ্ঞান) আদিৰ মূল্যায়ন কৰা হয়। শুক্ৰাণুৰ বিশ্লেষণ হৈছে পুৰুষৰ শুক্ৰাণু পৰীক্ষা। ইয়াক শুক্ৰাণুৰ গণনা বা পুৰুষৰ প্ৰজনন পৰীক্ষা বুলিও কোৱা হয়।
শুক্ৰাণু কিয় বিশ্লেষণ কৰা হয়
আপোনাৰ শুক্ৰাণু বিশ্লেষণ কৰাৰ প্ৰয়োজন হ’ব পাৰে যদিহে এইসমূহ কাৰণ থাকে-
পুৰুষৰ বন্ধ্যাত্ব: যদি কোনো দম্পতীয়ে গৰ্ভধাৰণৰ চেষ্টাত সমস্যাৰ সন্মুখীন হৈ আহিছে তেন্তে শুক্ৰাণুত অস্বাভাৱিকতা থাকিব পাৰে। যদি আপুনি ৬–১২ মাহ ধৰি অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰি আছে আৰু আপোনাৰ সংগী গৰ্ভৱতী হোৱা নাই, তেন্তে বীৰ্য্য বিশ্লেষণ এটা ভাল পৰৱৰ্তী পদক্ষেপ হ’ব পাৰে। শুক্ৰাণু বিশ্লেষণত পুৰুষৰ শুক্ৰাণু গৰ্ভধাৰণৰ সহায়ক হোৱাৰ সম্ভাৱনাৰ মূল্যায়ন কৰে।পুৰুষ বন্ধ্যাকৰণ ফ’ল’-আপ: শুক্ৰাণু বিশ্লেষণে পুৰুষ বন্ধ্যাকৰণ সফল হৈছিল নে নাই সেইটো নিৰ্ণয় কৰে। এই পদ্ধতিৰ দ্বাৰা শুক্ৰাণু জমা হোৱা নলীবোৰ বন্ধ হৈ পৰে। বীৰ্য্যত শুক্ৰাণু নাথাকিলে পুৰুষে মহিলাক গৰ্ভৱতী কৰিব নোৱাৰে।
পুৰুষৰ প্ৰজনন পৰীক্ষা হিচাপে শুক্ৰাণুৰ পৰীক্ষা কৰিলে ই নিম্নোক্ত বিষয়বোৰ লক্ষ্য কৰে:
- পি এইছ স্তৰ: শুক্ৰাণুৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পৰাকৈ বীৰ্য্য অত্যধিক এচিডিক নেকি।
- বীৰ্যৰ আয়তন: নমুনাত বীৰ্যৰ পৰিমাণ (মিলিমিটাৰত)।
- শুক্ৰাণুৰ ঘনত্বঃ বীৰ্য্যৰ প্ৰতি মিলিমিটাৰত শুক্ৰাণুৰ সংখ্যা।
- শুক্ৰাণুৰ আকৃতি: শুক্ৰাণুৰ আকাৰ আৰু আকৃতি।
- শুক্ৰাণুৰ গতিশীলতা: শুক্ৰাণুৱে ডিম্বাণুৰ ফালে সাঁতুৰি যোৱাৰ ক্ষমতা।
- তৰলীকৰণৰ সময়: বীৰ্য্য কিমান সোনকালে আঠাযুক্ত পদাৰ্থৰ পৰা তৰল পদাৰ্থলৈ সলনি হয়।
- সজীৱতা: নমুনাত থকা জীৱিত শুক্ৰাণুৰ শতাংশ।
- শ্বেত ৰক্তকণিকা: সংক্ৰমণ বা প্ৰদাহৰ লক্ষণ।
শুক্ৰাণু বিশ্লেষণৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগে
শুক্ৰাণু বিশ্লেষণৰ বাবে নমুনাটো দিয়াৰ আগতে আপুনি কেইটামান কথা মনত ৰাখিব লাগিব:
- শুক্ৰাণুৰ সংখ্যা পৰ্যাপ্ত হ’বলৈ হ’লে পৰীক্ষাৰ পূৰ্বে ২ৰ পৰা ৩ দিনলৈকে বীর্যপাতৰ কাৰণ হোৱা কোনো ধৰণৰ যৌন সম্পৰ্ক বা হস্তমৈথুন নকৰিব। কিন্তু এই সময় ৫ দিনতকৈ বেছি হ’ব নালাগে, কিয়নো তাৰ পিছত গুণগত মান কমি যাব পাৰে।
- বীৰ্য বিশ্লেষণৰ আগতে সুৰাপান কৰিব নালাগে।
- আপুনি গ্ৰহণ কৰা যিকোনো ঔষধ বা বনৌষধি পৰিপূৰকৰ বিষয়েও চিকিৎসকক জনাব লাগে। আপোনাৰ ফলাফলত প্ৰভাৱ পেলাব পৰা ঔষধসমূহৰ ভিতৰত আছে:
- টেষ্ট’ষ্টেৰন: এই হৰম’ন বৃদ্ধি কৰা পৰিপূৰক খাদ্যই আপোনাৰ শৰীৰলৈ ভুল সংকেত প্ৰেৰণ কৰি প্ৰাকৃতিক টেষ্ট’ষ্টেৰন আৰু শুক্ৰাণুৰ উৎপাদন বন্ধ কৰি দিব পাৰে। ইয়াৰ ফলত শুক্ৰাণুৰ সংখ্যা হ্ৰাস বা অভাৱ হ’ব পাৰে।
- এনাবলিক ষ্টেৰইড: পেশী গঠনত ব্যৱহাৰ কৰা এই ঔষধবোৰে আপোনাৰ শৰীৰৰ শুক্ৰাণু উৎপাদনত প্ৰভাৱ পেলাব পাৰে।
- গাঞ্জা: গাঞ্জাই আপোনাৰ যৌন ইচ্ছাক লেহেমীয়া কৰিব পাৰে আৰু আপোনাৰ শৰীৰে টেষ্ট’ষ্টেৰন আৰু শুক্ৰাণু যিদৰে তৈয়াৰ কৰিব লাগে সেইদৰে প্ৰস্তুত কৰিব নোৱাৰে।
- আফিং: এইবোৰে আপোনাৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে আৰু টেষ্ট’ষ্টেৰন উৎপাদনতো প্ৰভাৱ পেলাব পাৰে।
আটাইতকৈ সঠিক ফলাফল পাবলৈ আপোনাৰ চিকিৎসকে এটাতকৈ অধিক নমুনা পৰীক্ষা কৰিবলৈ বিচাৰিব। সেয়েহে ২ৰ পৰা ৩ সপ্তাহৰ ভিতৰত আপুনি আন এটা নমুনা দিব লাগিব। কাৰণ একেজন পুৰুষৰ বীৰ্যৰ নমুনা বেলেগ বেলেগ হ’ব পাৰে। আনকি ৩ মাহৰ ভিতৰত দুটাৰ পৰা তিনিটা নমুনাও দিব লগা হ’ব পাৰে।
শুক্ৰাণু বিশ্লেষণ প্ৰক্ৰিয়া
শুক্ৰাণু বিশ্লেষণৰ সময়ত আপুনি বীৰ্যৰ নমুনা দিব লাগিব। লেবত থকা আপোনাৰ স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে নমুনা কেনেকৈ সংগ্ৰহ কৰিব লাগে সেই বিষয়ে আপোনাক বুজাই দিব। ফলাফল সঠিক হ’বলৈ হ’লে শুক্ৰাণুসমূহ মৰিবলৈ আৰম্ভ কৰাৰ আগতে বীৰ্য্য সোনকালে পৰীক্ষা কৰিব লাগে। এই কাৰণে আপুনি লেবৰ সুকীয়া কোঠাত হস্তমৈথুন কৰি বীৰ্য্যসমূহ বীজাণুমুক্ত পাত্ৰত সংগ্ৰহ কৰি নমুনা দিব লাগিব। আপোনাৰ নমুনা সংগ্ৰহ কৰাৰ আগতে প্ৰস্ৰাৱ কৰিবলৈ আৰু হাত আৰু লিংগ ধুবলৈ কোৱা হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ ছালৰ পৰা অহা বেক্টেৰিয়াক নমুনাৰ সংস্পৰ্শলৈ অহাত বাধা দিয়া হয়।
এইক্ষেত্ৰত সঠিক ফলাফল পাবলৈ হ’লে এইকেইটা বিষয় অতি প্ৰয়োজনীয়:
- লুব্ৰিকেণ্ট বা লালটি ব্যৱহাৰ নকৰিব কাৰণ ই আপোনাৰ শুক্ৰাণুৰ ক্ষতি কৰিব পাৰে।
- আপুনি উৎপন্ন কৰা সকলো বীৰ্য্য সংগ্ৰহ কৰাটো নিশ্চিত কৰক। যদি আপুনি ইয়াৰ অলপমানো সংগ্ৰহ কৰাত ব্যৰ্থ হয় তেতিয়া আপুনি লেবক এই বিষয়ে জনাব লাগিব।
শুক্ৰাণু বিশ্লেষণৰ বাবে আপুনি চিকিৎসকক বীৰ্য্যৰ নমুনা দিব লাগিব। বীৰ্য্যৰ নমুনা সংগ্ৰহৰ বাবে হস্তমৈথুনৰ উপৰিও আছে কণ্ডমৰ সৈতে যৌন সম্পৰ্ক, বীর্যপাতৰ আগতে প্ৰত্যাহাৰ কৰা যৌন সম্পৰ্ক, বিদ্যুতৰ দ্বাৰা উদ্দীপিত বীর্য্যপাত। সাধাৰণতে পৰিষ্কাৰ নমুনা এটা লবলৈ হস্তমৈথুনক উত্তম উপায় হিচাপে গণ্য কৰা হয়।
যদি আপুনি বিচাৰে, তেন্তে আপোনাক লেবে দিয়া বিশেষ ধৰণৰ কণ্ডম ব্যৱহাৰ কৰি যৌন সম্পৰ্কৰ সময়ত আপুনি ঘৰতে এই নমুনা সংগ্ৰহ কৰিব পাৰিব। কিন্তু আপুনি নমুনাটো শৰীৰৰ উষ্ণতাত ৰাখিব লাগিব আৰু সংগ্ৰহ কৰাৰ পিছত ৩০ৰ পৰা ৬০ মিনিটৰ ভিতৰত লেবলৈ লৈ যাব লাগিব।
এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত দুটা বা তাতকৈ অধিক বীৰ্য্যৰ নমুনা দিব লাগিব। কাৰণ আপোনাৰ শুক্ৰাণুৰ সংখ্যা আৰু বীৰ্যৰ গুণাগুণ সকলো দিনত ভিন্ন হ’ব পাৰে। পৰীক্ষাগাৰৰ বিশেষজ্ঞই নমুনা সংগ্ৰহৰ ২ ঘণ্টাৰ ভিতৰত শুক্ৰাণুৰ পৰীক্ষা কৰিব লাগিব। নমুনাটো যিমানেই আগতে বিশ্লেষণ কৰা হ’ব সিমানেই ইয়াৰফলাফল নিৰ্ভৰযোগ্য হ’ব। এইক্ষেত্ৰত তলত দিয়া বিষয়ৰ মূল্যায়ন কৰা হয়:
- বীৰ্য্য কেনেকৈ ঘন হৈ কঠিন পদাৰ্থ আৰু তৰল পদাৰ্থত পৰিণত হয়
- তৰল পদাৰ্থৰ গাঢ়তা, এচিডিটি, আৰু চেনিৰ পৰিমাণ
- প্ৰবাহৰ প্ৰতিৰোধ ক্ষমতা (আঠালতীয়া)
- শুক্ৰাণুৰ গতি (গতিশীলতা)
- শুক্ৰাণুৰ সংখ্যা আৰু গঠন
- বীৰ্য্যৰ পৰিমাণ
শুক্ৰাণুৰ ক্ষেত্ৰত সাধাৰণ স্বাভাৱিক মানসমূহৰ কেইটামান হৈছেঃ
- প্ৰতিটো বীর্য্যপাতত স্বাভাৱিক পৰিমাণ ১.৫ৰ পৰা ৫.০ মিলিলিটাৰলৈকে ভিন্ন হয়।
- শুক্ৰাণুৰ সংখ্যা প্ৰতি মিলিলিটাৰত ২ৰ পৰা ১৫ কোটি শুক্ৰাণুলৈকে ভিন্ন হয়।
- কমেও ৬০% শুক্ৰাণুৰ আকৃতি স্বাভাৱিক হ’ব লাগে আৰু সন্মুখলৈ স্বাভাৱিক গতি কৰা (motility) দেখুৱাব লাগে।
বিভিন্ন পৰীক্ষাগাৰত স্বাভাৱিক মানৰ পৰিসৰ সামান্য ভিন্ন হ’ব পাৰে। আপোনাৰ নিৰ্দিষ্ট পৰীক্ষাৰ ফলাফলৰ অৰ্থ কি সেই বিষয়ে আপোনাৰ লেবৰ সৈতে কথা পাতক।
অস্বাভাৱিক ফলাফলৰ পৰা পুৰুষৰ বন্ধ্যাত্বৰ সমস্যাৰ বিষয়ে অৱগত হ’ব পাৰি। উদাহৰণস্বৰূপে, শুক্ৰাণুৰ সংখ্যা অতি কম বা অতি বেছি হ’লে পুৰুষৰ প্ৰজনন ক্ষমতা কম হ’ব পাৰে। বীৰ্য্যৰ এচিডিটি আৰু শ্বেত ৰক্তকণিকাৰ উপস্থিতিয়ে (সংক্ৰমণৰ ইংগিত দিয়ে) প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। সেয়েহে এই পৰীক্ষা কৰিলে শুক্ৰাণুৰ অস্বাভাৱিক আকৃতি বা অস্বাভাৱিক গতিবিধি ধৰা পৰিব পাৰে। অস্বাভাৱিক শুক্ৰাণুৱে ডিম্বাণুত উপনীত হোৱা আৰু ভেদ কৰাত অসুবিধা পায়, যাৰ ফলত গৰ্ভধাৰণ কঠিন হৈ পৰে। এইক্ষেত্ৰত অস্বাভাৱিক ফলাফলে তলত দিয়া কথাবোৰ সূচাব পাৰে:
- বন্ধ্যাত্ব
- ৰোগ বিয়পি পৰা অৱস্থা
- হৰম’নৰ ভাৰসাম্যহীনতা
- ডায়েবেটিছ
- জিনৰ দোষ
- বিকিৰণৰ সংস্পৰ্শলৈ অহা
যদি আপোনাৰ ফলাফল অস্বাভাৱিক মাত্ৰাত আহে, তেন্তে আপোনাৰ চিকিৎসকে হয়তো আপোনাক অতিৰিক্ত পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব পাৰে যাতে ইয়াৰ অন্তৰ্নিহিত কাৰণ বিচাৰি উলিওৱা আৰু চিকিৎসাৰ পৰিকল্পনা প্ৰস্তুত কৰাত সহায়ক হয়।
এই পৰীক্ষাসমূহৰ ভিতৰত আছে:
- জিনীয় পৰীক্ষা
- হৰম’ন পৰীক্ষা
- বীর্য্যপাতৰ পিছত প্ৰস্ৰাৱ বিশ্লেষণ
- আপোনাৰ অণ্ডকোষৰ পৰা কলাৰ নমুনা লোৱা
- এণ্টি-স্পাৰ্ম ইমিউন চেলৰ পৰীক্ষা
পুৰুষৰ বন্ধ্যাত্ব বহু ক্ষেত্ৰত জীৱনশৈলী সলনি কৰা, ঔষধ, অস্ত্ৰোপচাৰ আৰু অন্যান্য হস্তক্ষেপৰ দ্বাৰা চিকিৎসা কৰিব পৰা যায়। যদি এইবোৰ সফল নহয়, তেন্তে চিকিৎসক বা প্ৰজনন পৰামৰ্শদাতাই মানুহক অন্য বিকল্প, যেনে দাতাৰ শুক্ৰাণু বা দত্তক লোৱাত সহায় কৰিব পাৰে।
বৰ্তমান পুৰুষৰ বন্ধ্যাত্ব এটা সাধাৰণ অৱস্থা যি প্ৰতি ১০ পুৰুষৰ ভিতৰত এজনক আক্ৰান্ত কৰে। প্ৰকৃততে প্ৰতি ২০ জন পুৰুষৰ ভিতৰত এজনৰ বীৰ্য্যপাতত শুক্ৰাণু একেবাৰেই নাথাকে। বীৰ্য্য স্খলনত শুক্ৰাণু নাথাকিলেও ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব। বীর্য্যপাতত শুক্ৰাণু নথকা ৭০ শতাংশ পৰ্যন্ত পুৰুষক আধুনিক চিকিৎসাই সন্তান জন্ম দিয়াত সহায় কৰিব পাৰে।
Related Posts
Written by:
Our Services
Fertility Treatments
Problems with fertility are both emotionally and medically challenging. At Birla Fertility & IVF, we focus on providing you with supportive, personalized care at every step of your journey towards becoming a parent.Male Infertility
Male factor infertility accounts for almost 40%-50% of all infertility cases. Decreased sperm function can be the result of genetic, lifestyle, medical or environmental factors. Fortunately, most causes of male factor infertility can be easily diagnosed and treated.We offer a comprehensive range of sperm retrieval procedures and treatments for couples with male factor infertility or sexual dysfunction.