Trust img
All about IVF(আইভিএফ কি)

All about IVF(আইভিএফ কি)

Dr. Prachi Benara
Dr. Prachi Benara

MBBS (Gold Medalist), MS (OBG), DNB (OBG), PG Diploma in Reproductive and Sexual health

16 Years of experience

আইভিএফৰ সম্পূৰ্ণ ৰূপ

ইন ভিট্ৰ’ ফাৰ্টিলাইজেশ্যন চিকিৎসাক আইভিএফ চিকিৎসা বোলা হয়। ইয়াৰ আগতে ইয়াক “টেষ্ট-টিউব বেবী” বুলি জনা গৈছিল। এই প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে ইংলেণ্ডত ১৯৭৮ চনত ব্যৱহাৰ কৰা হৈছিল। আই ভি এফ চিকিৎসাত পৰীক্ষাগাৰত কিছুমান নিয়ন্ত্ৰিত অৱস্থাত মহিলাৰ ডিম্বাণু আৰু পুৰুষৰ শুক্ৰাণু মিলাই লোৱা হয়। যেতিয়া এই সংযোজনৰ দ্বাৰা ভ্ৰূণৰ গঠন হয়, তেতিয়া ইয়াক পুনৰ মহিলাগৰাকীৰ জৰায়ুত স্থাপন কৰা হয়। যদিও আই ভি এফ এক জটিল আৰু ব্যয়বহুল প্ৰক্ৰিয়া, তথাপি দীৰ্ঘদিন ধৰি গৰ্ভধাৰণৰ চেষ্টা কৰা বা আন প্ৰজনন চিকিৎসাত ব্যৰ্থ হোৱা দম্পতীৰ বাবে ই এক অতি সহায়ক প্ৰক্ৰিয়া। আইভিএফ প্ৰক্ৰিয়া কিয়, কেনেকৈ আৰু কিমান পৰ্যায়ত সংঘটিত হয় সেই বিষয়ে জানিবলৈ আমি চেষ্টা কৰোঁ আহক।

 

আইভিএফ প্ৰক্ৰিয়া 

যদি আপুনি বন্ধ্যাত্বৰ সৈতে যুঁজি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ যিকোনো প্ৰজনন চিকিৎসা বাছি ল’ব পাৰে। যদি আপোনাৰ চিকিৎসকে আপোনাক আইভিএফ কৰিবলৈ পৰামৰ্শ দিয়ে তেন্তে ই তলত দিয়া কাৰণসমূহৰ বাবে হ’ব পাৰে-

  • শুক্ৰাণুৰ সংখ্যা কম হ’লে
  •  পিচিঅ’ডিৰ দৰে অৱস্থাৰ বাবে ডিম্বাণু নিঃসৰণৰ সমস্যা
  •  ফেল’পিয়ান টিউবৰ সমস্যা
  •  যদি দম্পতীটোৰ কোনো এজনে বন্ধ্যাকৰণ কৰিছে
  •  এণ্ডোমেট্ৰিয়াছিছ
  •  যেতিয়া অন্যান্য প্ৰজনন চিকিৎসা বিফল হয়

আনহাতে বন্ধ্যাত্বৰ সৈতে যুঁজি থকা বহু দম্পতীৰ বাবে আইভিএফ আটাইতকৈ সফল বিকল্প হ’ব পাৰে, বা যাৰ বাবে পৰম্পৰাগত প্ৰজনন আৰু গৰ্ভাৱস্থা বিকল্প নহয় – যেনে সমলিংগ দম্পতী। আইভিএফৰ আন বহুতো উপযোগিতা আছে, যেনেঃ

  •  আইভিএফৰ সহায়ত পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা থকা দম্পতীৰ স্বাভাৱিকভাৱে গৰ্ভধাৰণৰ সম্ভাৱনা বেছি।
  •  পিচিঅ’এছ ৰোগত আক্ৰান্ত মহিলাৰ ক্ষেত্ৰতো আইভিএফ অতি সফল বুলি প্ৰমাণিত হৈছে
  •  অকালতে ডিম্বাশয় বিকল হোৱা বা ৰজোনিবৃত্তি হোৱা মহিলাসকলে দাতাৰ ডিম্বাণু ব্যৱহাৰ কৰি আইভিএফ চিকিৎসা কৰিব পাৰে, যাৰ সফলতাৰ হাৰ সাধাৰণতে বেছি
  •  বয়সস্থ মহিলাৰ গৰ্ভধাৰণৰ সম্ভাৱনা সৰ্বাধিক কৰিবলৈ আইভিএফ ব্যৱহাৰ কৰিব পাৰি

ইয়াৰ উপৰিও আইভিএফ প্ৰক্ৰিয়াৰ বাবে দাতাৰ শুক্ৰাণু বা দাতাৰ ডিম্বাণুও ব্যৱহাৰ কৰিব পাৰে। যিসকল দম্পতীয়ে কোনো ধৰণৰ গুৰুতৰ বংশগত বেমাৰত ভুগি আছে আৰু সন্তানৰ মাজত সেই বেমাৰ নিবিচাৰে, তেওঁলোকৰ বাবে এই ধৰণৰ পদ্ধতি উপযোগী। ইয়াৰ লগতে কম বয়সতে যদি কোনো মহিলা বা পুৰুষৰ কৰ্কট ৰোগ ধৰা পৰে তেন্তে আইভিএফৰ সহায়ত তেওঁলোকে নিজৰ সুস্থ ডিম্বাণু বা শুক্ৰাণু ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব পাৰে। এনে কৰা হয় কাৰণ কেন্সাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিয়ে প্ৰজনন ক্ষমতাৰ ক্ষতি কৰিব পাৰে। কেন্সাৰ চিকিৎসাৰ পিছত এই ডিম্বাণু বা শুক্ৰাণু আইভিএফ প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এইখিনিতে আপোনালোকক আমি দিব বিচৰা পৰামৰ্শটো হ’ল এই যে যিকোনো ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰাৰ আগতে আপুনি আইভিএফ চিকিৎসকৰ পৰামৰ্শ অৱশ্যে ল’বই লাগিব।

আইভিএফ প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ আগতে আপুনি আইভিএফৰ বাবে সুস্থ ব্যক্তি হয় নে নহয় সেয়া জানিবৰ বাবে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আইভিএফ কৰিব লাগে। এই প্ৰক্ৰিয়াটো কেইবাটাও পৰ্যায়ত সম্পূৰ্ণ কৰা হয় যিবোৰৰ ভিতৰত আছে – ডিম্বাশয়ৰ উদ্দীপনা, মহিলাৰ ডিম্বাশয়ৰ পৰা ডিম্বাণু উদ্ধাৰ কৰা, পুৰুষৰ পৰা শুক্ৰাণু সংগ্ৰহ, নিশেচন আৰু ভ্ৰূণ মহিলাৰ গৰ্ভলৈ স্থানান্তৰ কৰা। আইভিএফৰ এটা চক্ৰত প্ৰায় দুসপ্তাহৰ পৰা তিনি সপ্তাহ সময় লাগিব পাৰে, আৰু এটাতকৈ অধিক আইভিএফ চক্ৰৰ প্ৰয়োজন হ’ব পাৰে। এইক্ষেত্ৰত উল্লেখযোগ্য বিষয়সমূহ হৈছে-

১) ডিম্বাশয়ৰ উদ্দীপনা

যদি আপুনি আইভিএফৰ সময়ত নিজৰ ডিম্বাণু ব্যৱহাৰ কৰিছে তেন্তে চিকিৎসকে আপোনাক কৃত্ৰিম হৰম’নৰ দ্বাৰা চিকিৎসা আৰম্ভ কৰিব যাতে আপোনাৰ ডিম্বাশয়ক চক্ৰৰ আৰম্ভণিতে বহুতো ডিম্বাণু উৎপন্ন কৰিবলৈ উদ্দীপিত কৰিব পাৰে। সাধাৰণতে ডিম্বাণু উৎপন্ন কৰিবলৈ সাজু হোৱাৰ আগতে ডিম্বাশয়ৰ উদ্দীপনা এসপ্তাহৰ পৰা দুসপ্তাহৰ প্ৰয়োজন হ’ব। 

২) ডিম্বাশয়ৰ পৰা ডিম্বাণু নিঃসৰণ

ডিম্বাশয়ৰ পৰা ডিম্বাণু সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো মহিলাগৰাকীৰ ডিম্বাণু নিঃসৰণ প্ৰক্ৰিয়াৰ ঠিক ৩৪ৰ পৰা ৩৬ ঘণ্টাৰ পিছত কৰা হয়। এই পদ্ধতি সাধাৰণতে চিকিৎসকৰ চেম্বাৰ বা ক্লিনিকত কৰিব পাৰি। 

৩) শুক্ৰাণু সংগ্ৰহ

যদি আপোনাৰ সংগীৰ শুক্ৰাণু ব্যৱহাৰ কৰা হৈছে তেন্তে এই পদ্ধতি আপোনাৰ চিকিৎসকৰ চেম্বাৰ বা ক্লিনিকত কৰিব পাৰি। ইয়াৰ বাবে হস্তমৈথুনৰ সহায়ত শুক্ৰাণু আইভিএফ প্ৰক্ৰিয়াৰ বাবে চিকিৎসকক দিয়া হয়। ইয়াৰ উপৰিও অণ্ডকোষৰ এস্পিৰেচন প্ৰক্ৰিয়াৰ সহায়ত শুক্ৰাণুও দিব পাৰি। শুক্ৰাণু দান কৰাৰ পিছত চিকিৎসকে লেবৰেটৰীত বীৰ্য্যৰ পৰা শুক্ৰাণু পৃথক কৰিব।

৪) নিশেচন

নিশেচন প্ৰক্ৰিয়াত সাধাৰণতে দুটা পদ্ধতি ব্যৱহাৰ কৰি কৰিব পাৰি:

  •  গতানুগতিক প্ৰজনন: প্ৰচলিত প্ৰজননৰ সময়ত সুস্থ শুক্ৰাণু আৰু এটা পূৰ্ণবয়স্ক ডিম্বাণু একেলগে মিলাই ইনকিউবেট কৰা হয়।
  •  ইন্ট্ৰাচাইট’প্লাজমিক স্পাৰ্ম ইনজেকশ্যন (ICSI): আইচিএছআইত প্ৰতিটো পূৰ্ণবয়স্ক ডিম্বাণুত পোনপটীয়াকৈ এটা সুস্থ শুক্ৰাণু ইনজেক্ট কৰা হয়। শুক্ৰাণুৰ গুণগত মান বা সংখ্যাৰ সমস্যা হ’লে বা প্ৰথম আইভিএফ চক্ৰৰ সময়ত নিশেচনৰ প্ৰচেষ্টা বিফল হ’লে আইচিএছআই প্ৰায়ে ব্যৱহাৰ কৰা হয়।

৫)  গৰ্ভলৈ ভ্ৰূণ স্থানান্তৰ

ভ্ৰূণ স্থানান্তৰকৰণ আপোনাৰ চিকিৎসকৰ চেম্বাৰ বা ক্লিনিকত কৰা হয়। সাধাৰণতে ডিম্বাণু সংগ্ৰহ কৰাৰ দুদিনৰ পৰা পাঁচ দিনৰ পিছতহে চিকিৎসকে এই ব্যৱস্থা গ্ৰহণ কৰে। এই ক্ষেত্ৰত আপোনাক চিকিৎসকে এটা সামান্য বিষ উপশমৰ ঔষধ দিব পাৰে। সাধাৰণতে এই পদ্ধতি বিষহীন যদিও আপুনি সামান্য ক্ৰেম্পিং অনুভৱ কৰিব পাৰে। তাৰ পিছত চিকিৎসকে আপোনাৰ যোনিত, জৰায়ুৰ মুখৰ মাজেৰে আৰু জৰায়ুত কেথেটাৰ নামৰ এটা দীঘল, পাতল, নমনীয় নলী সুমুৱাই দিব। কেথেটাৰৰ জৰিয়তে এটা বা ততোধিক ভ্ৰূণ আপোনাৰ জৰায়ুত ৰখা হয়। এই ক্ষেত্ৰত আপুনি তলত দিয়া সমস্যাৰ সন্মুখীন হ’ব পাৰে:

  • প্ৰক্ৰিয়াটোৰ লগে লগে আপোনাৰ জৰায়ুৰ মুখৰ পৰা কিছু তেজৰ স্ৰাৱ ওলাব পাৰে
  •  ইষ্ট্ৰজেনৰ মাত্ৰা অধিক হোৱাৰ বাবে স্তনত বিশেষ অনুভূতি আহিব পাৰে
  •  পেট ফুলাৰ অনুভৱ
  • কৌষ্ঠকাঠিন্যৰ সমস্যা

যদি ভ্ৰূণ স্থানান্তৰৰ পিছত সামান্য বা তীব্ৰ বিষ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। তেওঁ আপোনাক ডিম্বাশয়ৰ সংক্ৰমণ (অভেৰিয়ান টৰ্চন) আৰু গুৰুতৰ অভেৰিয়ান হাইপাৰষ্টিমুলেচন চিনড্ৰমৰ দৰে জটিলতাৰ বাবে পৰীক্ষা কৰিব।

 

আইভিএফ গৰ্ভাৱস্থা

সকলো গৰ্ভাৱস্থাই জটিলতাৰ শংকা বহন কৰে। বয়স বৃদ্ধি (৩৮ বছৰৰ ওপৰৰ), মেদবহুলতা আৰু ধূমপান আদি বহুতো কাৰকে গৰ্ভাৱস্থাৰ জটিলতা বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

আইভিএফৰ জৰিয়তে গৰ্ভৱতী হোৱা মহিলাসকলে গৰ্ভাৱস্থাত এনে জটিলতাসমূহৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক:

  • যোনিৰ পৰা ৰক্তক্ষৰণ
  • গৰ্ভাৱস্থাৰ আৰম্ভণিতে তেজ জমা হোৱা
  • উচ্চ ৰক্তচাপ
  • অকালতে জন্ম হোৱা
  • চিজাৰিয়ান অস্ত্ৰোপচাৰৰ দ্বাৰা জন্ম
  • জন্মগতভাৱে বিকাৰগ্ৰস্ত সন্তানৰ জন্ম দিয়া

বহু দম্পতী প্ৰথম আইভিএফ চক্ৰত সফল নহয় — আপোনাকো কেইটামান চক্ৰৰ চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে, আৰু কিছুমান দম্পতীয়ে একেবাৰেই গৰ্ভৱতী নহয়। বিশেষকৈ যদি আপুনি ইতিমধ্যে কেইবছৰমানৰ পৰা সন্তান জন্ম দিবলৈ চেষ্টা কৰি আছে তেন্তে এইটো এটা আৱেগিক প্ৰক্ৰিয়া হ’ব পাৰে। যদি আপুনি বা আপোনাৰ সংগীয়ে হৰম’নৰ ঔষধ গ্ৰহণ কৰি আছে যি আপোনাৰ মেজাজত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপোনাৰ আৱেগিক আৰু যৌন সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে। চিকিৎসা আৰম্ভ কৰাৰ আগতে আপোনাক পৰামৰ্শ দিয়া হ’ব। আপুনি বা আপোনাৰ সংগীয়ে অনুভৱ কৰিব পৰা যিকোনো আৱেগিক বা সম্পৰ্কজনিত সমস্যা মোকাবিলা কৰাত আপোনালোকক সহায় কৰা হ’ব।

বয়সেই হৈছে আইভিএফৰ সফলতাৰ হাৰত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা কাৰক। ছ’চাইটি ফৰ এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকন’লজি (SART) ক্লিনিক ৰিপ’ৰ্টত প্ৰকাশ পোৱা মতে বয়স অনুসৰি আইভিএফৰ পৰা জীৱিত জন্মৰ গড় শতাংশ হ’ল-

  • ৩৫ বছৰৰ তলৰ মহিলাৰ বাবে ৯%
  • ৩৫-৩৭ বছৰ বয়সৰ মহিলাৰ বাবে ২%
  • ৩৮-৪০ বছৰ বয়সৰ মহিলাৰ বাবে ০%
  • ৪০-৪২ বছৰ বয়সৰ মহিলাৰ বাবে ৬%
  • ৪২ বছৰৰ ওপৰৰ মহিলাৰ বাবে ৯%

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (চিডিচি)য়ে শেহতীয়াকৈ পৰ্যবেক্ষণ কৰিছে যে কৌশল আৰু অভিজ্ঞতা বৃদ্ধই পোৱাৰ লগে লগে যোৱা কেইবছৰমানৰ পৰা প্ৰতিটো বয়সৰ শ্ৰেণীৰ বাবে আইভিএফৰ সফলতাৰ হাৰ বৃদ্ধি পাইছে।

 

আইভিএফ গৰ্ভাৱস্থাৰ লক্ষণ

যেতিয়া কোনো ৰোগীয়ে আইভিএফ কৰাৰ সিদ্ধান্ত লয়, তেতিয়া মহিলাগৰাকীৰ ডিম্বাণুটো লেবত লোৱা শুক্ৰাণুৰ নমুনাৰে ​​নিষিক্ত কৰা হয়, আৰু তাৰ পিছত ইনকিউবেটৰত ৰখা হয়। কিছুদিন পিছত ভ্ৰূণটো পোনে পোনে জৰায়ুত সুমুৱাই দিয়া হয়। বেছিভাগ ক্ষেত্ৰতে গৰ্ভাৱস্থাৰ আৰম্ভণিতে লক্ষণ দেখা দিবলৈ প্ৰায় দুসপ্তাহ সময় লাগে। এনে ক্ষেত্ৰত আগতীয়া গৰ্ভাৱস্থাৰ ইংগিত দিব পৰা কিছুমান সাধাৰণ লক্ষণ হৈছেঃ

  • মাহেকীয়া ঋতুস্ৰাৱ বাদ পৰা
  • মূৰৰ বিষ
  • বমি হোৱা
  • স্তনত হোৱা পৰিবৰ্তন
  • ক্লান্তি
  • ঘনাই পিয়াহ  আৰু  প্ৰস্ৰাৱ লগা
  • অতিৰিক্ত লালটি
  • পাকস্থলীত সিৰামূৰি ধৰা
  • মেজাজৰ পৰিৱৰ্তন বা খিংখিঙীয়া হোৱা

আইভিএফ কৰাৰ প্ৰথম দুসপ্তাহ আপুনি নিজৰ অতিকৈ যত্ন লোৱাৰ প্ৰয়োজন হয়। আই ভি এফ প্ৰক্ৰিয়াটোৰ সময়ত আপুনি মানসিক চাপ, ভয় আৰু চিন্তা কমোৱাৰ চেষ্টা কৰক। এই সময়চোৱাত

আপোনাৰ সংগীৰ সৈতে আপোনাৰ আৱেগ প্ৰকাশ কৰক। ধ্যান কৰা, গভীৰভাৱে শ্বাস-প্ৰশ্বাস লোৱা আৰু ইতিবাচক মনোভাৱৰ জৰিয়তে আশাবাদী হৈ থাকক।

Our Fertility Specialists

Dr. Rashmika Gandhi

Gurgaon – Sector 14, Haryana

Dr. Rashmika Gandhi

MBBS, MS, DNB

6+
Years of experience: 
  1000+
  Number of cycles: 
View Profile
Dr. Prachi Benara

Gurgaon – Sector 14, Haryana

Dr. Prachi Benara

MBBS (Gold Medalist), MS (OBG), DNB (OBG), PG Diploma in Reproductive and Sexual health

16+
Years of experience: 
  3000+
  Number of cycles: 
View Profile
Dr. Madhulika Sharma

Meerut, Uttar Pradesh

Dr. Madhulika Sharma

MBBS, DGO, DNB (Obstetrics and Gynaecology), PGD (Ultrasonography)​

16+
Years of experience: 
  350+
  Number of cycles: 
View Profile
Dr. Rakhi Goyal

Chandigarh

Dr. Rakhi Goyal

MBBS, MD (Obstetrics and Gynaecology)

23+
Years of experience: 
  3500+
  Number of cycles: 
View Profile
Dr. Muskaan Chhabra

Lajpat Nagar, Delhi

Dr. Muskaan Chhabra

MBBS, MS (Obstetrics & Gynaecology), ACLC (USA)

13+
Years of experience: 
  1500+
  Number of cycles: 
View Profile
Dr. Swati Mishra

Kolkata, West Bengal

Dr. Swati Mishra

MBBS, MS (Obstetrics & Gynaecology)

20+
Years of experience: 
  3500+
  Number of cycles: 
View Profile

To know more

Birla Fertility & IVF aims at transforming the future of fertility globally, through outstanding clinical outcomes, research, innovation and compassionate care.

Need Help?

Talk to our fertility experts

Had an IVF Failure?

Talk to our fertility experts