Trust img
Select City
শুক্ৰাণুৰ সংখ্যা কম হোৱা

শুক্ৰাণুৰ সংখ্যা কম হোৱা

Dr. Rashmika Gandhi
Dr. Rashmika Gandhi

MBBS, MS, DNB

6+ Years of experience

Why Choose Us?

doctor  120+ IVF Experts
family  95% Satisfaction Score
hospital  50+ Clinics Across India
family care  1,40,000+ Couples Helped
Doctor

শুক্ৰাণুৰ সংখ্যা কম হোৱা মানে কি?

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ অৰ্থ হ’যৌন প্ৰক্ৰিয়াৰ সময়ত পুৰুষৰ লিংগৰ পৰা ওলোৱা বীৰ্য্যত কম সংখ্যক শুক্ৰাণুৰ উপস্থিতি। শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ সমস্যাটোক অলিগোস্পাৰ্মিয়া (Oligospermia) বুলি কোৱা হয়

যদি কোনো পুৰুষৰ বীৰ্য্যত এটাও শুক্ৰাণু পোৱা নাযায়, তেন্তে ইয়াক আজুস্পাৰ্মিয়া (Azoospermia)  বুলি কোৱা হয়। প্ৰতিজন পুৰুষৰ বীৰ্য্যত স্বাভাৱিক শুক্ৰাণুৰ সংখ্যা প্ৰতি মিলিলিটাৰত ১.৫ কোটি শুক্ৰাণুৰ পৰা ২০ কোটিতকৈ অধিক শুক্ৰাণুৰ ভিতৰত থাকিব পাৰে। যদি এজন পুৰুষৰ এক মিলিলিটাৰ বীৰ্য্যত ডেৰ কোটিতকৈ কম শুক্ৰাণু থাকে, তেন্তে তেওঁৰ শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ সমস্যা বুলি ধৰা হয়। বিশ্বত শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ সমস্যা থকা পুৰুষৰ হাৰ কিমান সেই সম্পৰ্কে গৱেষকসকল নিশ্চিত নহয়। যদিহে কোনো দম্পতীয়ে গৰ্ভধাৰণ কৰিবলৈ চেষ্টা নকৰে তেতিয়ালৈকে সাধাৰণতে এই অৱস্থাটো ধৰা নপৰে। সমগ্ৰ বিশ্বতে প্ৰায় ১৮ কোটি দম্পতীয়ে বন্ধ্যাত্বৰ দৰে সমস্যাৰ সৈতে মোকাবিলা কৰি আছে বুলি অনুমান কৰা হৈছে।

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ পৰীক্ষা

চিকিৎসকে শুক্ৰাণুৰ সংখ্যা কম বুলি নিৰ্ণয় কৰিবলৈ সাধাৰণতে কিছুমান পৰীক্ষাৰ আশ্ৰয় লয়, ত তলত দিয়া পৰীক্ষাসমূহ অন্তৰ্ভুক্ত হব পাৰে:

  • সাধাৰণ শাৰীৰিক পৰীক্ষা
  • বীৰ্য্য বিশ্লেষণ
  • হৰমন পৰীক্ষা
  • জেনেটিক পৰীক্ষা
  • অণ্ডকোষৰ বায়প্সি
  • অণ্ডকোষৰ আল্ট্ৰাছাউণ্ড
  • ট্ৰেন্সৰেক্টাল আল্ট্ৰাছাউণ্ড পৰীক্ষা
  • বীৰ্য্য স্খলনৰ পিছত প্ৰস্ৰাৱ পৰীক্ষা
  • এন্টিস্পাৰ্ম এন্টিবডি পৰীক্ষা
  • শুক্ৰাণুৰ বিশেষ কাৰ্য্যৰ পৰীক্ষা

এই সকলোবোৰ পৰীক্ষাৰ সহায়ত এজন চিকিৎসকে আপোনাৰ শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ কাৰণ আৰু ইয়াৰ মাত্ৰা নিশ্চিত কৰে। ইয়াৰ পাছত চিকিৎসাৰ উপযুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যায়

We take care of you

Begin Your Treatment Journey with Confidence
Medical professionals with patient
zero

No Cost EMI

shield

Dedicated Insurance Support

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ কাৰণ কি

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ বহুত কাৰণ থাকিব পাৰে। যিহেতু শুক্ৰাণুৰ উৎপাদন এক জটিল আৰু দীঘলীয়া প্ৰক্ৰিয়া। শুক্ৰাণু উৎপাদনৰ বাবে অণ্ডকোষৰ লগতে হাইপথেলামাছ আৰু পিটুইটাৰী গ্ৰন্থিয়ে স্বাভাৱিকভাৱে কাম কৰাৰ প্ৰয়োজন হয়।

অণ্ডকোষত শুক্ৰাণু উৎপন্ন হোৱাৰ পিছত বীৰ্য্যৰ লগত মিহলি হৈ লিংগৰ মাজেৰে ওলাই নোযোৱালৈকে পাতল নলীত থাকে। যদি এই অংগবোৰৰ কোনো এটাই সঠিকভাৱে কাম নকৰে বা ইয়াৰ কোনো ধৰণৰ সমস্যা হয় তেন্তে শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মানৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ প্ৰধান কাৰণ:

  • সংক্ৰমণ
  • ভেৰিকোচেল
  • হৰমনৰ ভাৰসাম্যহীনতা
  •  বীৰ্য্যপাতৰ সমস্যা
  •  টিউমাৰ
  •  ক্ৰিপ্টৰচিডিজম
  •  চিলিয়াক ৰোগ
  •  শুক্ৰাণু নলীত ত্ৰুটি
  •  এণ্টি-স্পাৰ্ম এন্টিবডি
  •  কিছুমান বিশেষ ধৰণৰ ঔষধৰ গ্ৰহণ
  • গুৰুতৰভাৱে ভোগা হতাশা বা মানসিক চাপ
  • অণ্ডকোষত আঘাত পোৱা
  • জন্মতে প্ৰজনন বিকাৰগ্ৰস্ততা
  • টিউমাৰ আৰু দীৰ্ঘদিনীয়া ৰোগকে ধৰি কিছুমান চিকিৎসাজনিত অৱস্থা 
  • ৰেডিয়েশ্যনৰ দৰে কেন্সাৰৰ চিকিৎসা 
  • পূৰ্বে ভেচেক্টমী বা পেট বা পেলভিচৰ ডাঙৰ অস্ত্ৰোপচাৰ কৰা

 

ইয়াৰ লগতে আন কেতবোৰ কাৰণ থাকিব পাৰে যি আপোনাৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে। সেইসমূহ হৈছেঃ 

 ১)পৰিৱেশজনিত কাৰণ:

  • বিকিৰণ বা এক্স-ৰে
  • অণ্ডকোষ অতিমাত্ৰা গৰম হোৱা
  • বহু সময়লৈকে চাইকেল চলোৱা
  • বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ অহা

২) জীৱনশৈলীৰ লগত জড়িত কাৰণ:

  • নিচাযুক্ত দ্ৰব্য সেৱন
  •  কিছুমান বিশেষ ধৰণৰ ঔষধ সেৱন কৰা
  • মদ আৰু চিগাৰেট সেৱন
  • মানসিক চাপত থকা
  • ওজন বৃদ্ধি বা মেদবহুলতা

এই সকলোবোৰৰ বাহিৰেও শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ আন কাৰণো থাকিব পাৰে। সেয়েহে শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ সঠিক কাৰণ জানিবলৈ চিকিৎসকে বিভিন্ন পৰীক্ষাৰ সহায় লয়।

 

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ লক্ষণ

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ এটা প্ৰধান লক্ষণ হল পুৰুষে সন্তান জন্ম দিয়াত প্ৰদৰ্শন কৰা অক্ষমতা।কিন্তু এই সমস্যাৰ কোনো বিশেষ লক্ষণ বা স্পষ্ট লক্ষণ দেখা পোৱা নাযায়। কিছুমান ক্ষেত্ৰত হৰমনৰ ভাৰসাম্যহীনতা, প্ৰসাৰিত অণ্ডকোষৰ সিৰা বা শুক্ৰাণুৰ গতিপথত বাধাৰ সৃষ্টি কৰা বিকাৰে সতৰ্কতামূলক লক্ষণৰ সৃষ্টি কৰিব পাৰে। 

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ অন্যান্য লক্ষণসমূহ হৈছেঃ

  • যৌন কামনা কমি যোৱা, ইৰেক্টাইল ডিছফাংচন বা নপুংসকতা।
  • অণ্ডকোষত বিষ হোৱা, ফুলি উঠা।
  • শৰীৰৰ চুলি সৰা বা ক্ৰমজম বা হৰমনৰ অস্বাভাৱিকতাও শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ লক্ষণ হব পাৰে।

 

শুক্ৰাণুৰ সংখ্যা কেনেকৈ বৃদ্ধি কৰিব পাৰি

শুক্ৰাণুৰ কম হোৱাৰ বাবে চিকিৎসা কৰিলে ইয়াৰ সংখ্যা বৃদ্ধি কৰিব পৰা যায়। শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ কাৰণৰ ভিত্তিত ইয়াৰ চিকিৎসা কৰা হয়। সুস্থ শুক্ৰাণু উৎপাদনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে কেতবোৰ সহজ পদক্ষেপ আছে। ইয়াৰ বাবে চিকিৎসকে তলত দিয়া উপায়সমূহ ব্যৱহাৰ কৰিব পাৰে:

  • হৰমনৰ চিকিৎসা আৰু ঔষধ প্ৰদান। ভেৰিকোচেল বা শুক্ৰাণুৰ নলী বন্ধ হৈ থকা চিকিৎসাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে।
  •  সংক্ৰমণৰ চিকিৎসা।   
  •  অস্ত্ৰোপচাৰ
  •  সহায়ক প্ৰজনন প্ৰযুক্তি

 

ইয়াৰ লগতে পুৰুষসকলে শুক্ৰাণুৰ সংখ্যা অটুট ৰাখিবলৈ কেতবোৰ দিশ মনত ৰাখিব লাগে। সেইসমূহ হৈছেঃ

  • সুস্থ মাত্ৰাৰ ওজন বজাই ৰখা। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে শৰীৰৰ আকাৰ বৃদ্ধিৰ লগত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱা আৰু শুক্ৰাণুৰ গতিবিধি হ্ৰাস পোৱাৰ সম্পৰ্ক আছে।
  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা। প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকা ফল-মূল গ্ৰহণ কৰক, যিসমূহে শুক্ৰাণুৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।
  • মানসিক চাপ কম কৰা। মানসিক চাপে যৌন কাৰ্য্য কমাব পাৰে আৰু শুক্ৰাণু উৎপাদনৰ বাবে প্ৰয়োজনীয় হৰম’নত বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে যিমান পাৰি মানসিক চাপ কম কৰিবলৈ চেষ্টা কৰিব লাগে।
  • ব্যায়াম বা আন ধৰণৰ শাৰীৰিক কাৰ্যকলাপ কৰক। মধ্যমীয়া শাৰীৰিক কাৰ্য্যকলাপে শক্তিশালী এন্টিঅক্সিডেন্ট এনজাইমৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যি শুক্ৰাণু শক্তিশালী কৰাত সহায় কৰে

কিছুমান ক্ষেত্ৰত পুৰুষৰ প্ৰজনন ক্ষমতাৰ সমস্যা নিৰাময় কৰাটো সম্ভৱ নহয়। এনে পৰিস্থিতিত আপুনি আৰু আপোনাৰ সংগীয়ে হয় দাতাৰ শুক্ৰাণু ব্যৱহাৰ কৰিব পাৰে নহয় সন্তানক দত্তক হিচাপে লৈ পিতৃ-মাতৃ হোৱাৰ সপোন পূৰণ কৰিব পাৰে। 

 

শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কি খাব লাগে?

শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিবলৈ খাদ্য এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয়। শৰীৰৰ বাবে উপযোগী, পুষ্টিকৰকাৰক খাদ্যসমূহে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। তেনে কেইবিধমান খাদ্য হৈছেঃ

১. ডালিম

  •  তুৰস্কত কৰা গৱেষণা অনুসৰি ডালিমৰ ৰসে শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান বৃদ্ধি কৰে।
  •  দৈনিক এগিলাচ ডালিমৰ ৰস খালে পুৰুষৰ উৰ্বৰতা বৃদ্ধি পায়।

২. ৰঙালাউৰ বীজ

  •  ইয়াত থকা জিংক আৰু অমেগা ৩ ফেটি এচিডে পুৰুষৰ অংগত ৰক্ত সঞ্চালন বৃদ্ধি কৰে।
  • দৈনিক এমুঠি ৰঙালাউৰ গুটি খালে টেষ্টষ্টেৰন আৰু শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পায়।

৩. বিলাহী

  • ইয়াত থকা লাইকোপেনে শুক্ৰাণুৰ সংখ্যা, গুণগত মান আৰু গঠন উন্নত কৰে।
  •  অলিভ অইলত সিজোৱা বিলাহী খোৱাটো অতি উপকাৰী।

৪. আখৰোট

  •  ইয়াত থকা অমেগা ৩ ফেটি এচিডে পুৰুষৰ অংগলৈ তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে।
  •  দৈনিক এমুঠি (৭৫ গ্ৰাম) আখৰোট খালে শুক্ৰাণুৰ সংখ্যা আৰু আকৃতি উন্নত হয়।

৫. ডাৰ্ক চকলেট

  •  ইয়াত থকা এল-আৰ্জিনাইন নামৰ এমিনো এচিডে  শুক্ৰাণুৰ আয়তন আৰু গুণগত মান বৃদ্ধি কৰে।
  •  চকলেট যিমানেই গাঢ় হব সিমানেই শুক্ৰাণুৰ সংখ্যা বৃদ্ধিত উপকাৰী হব।
    . কণী
  •  প্ৰটিন আৰু ভিটামিন সমৃদ্ধ কণীয়ে সুস্থ আৰু শক্তিশালী শুক্ৰাণু উৎপাদনত সহায় কৰে।
  •  প্ৰতিদিনে পুৱাৰ আহাৰত দুটা কণী খালে ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা পৰে।

৭. কল

. ইয়াত থকা ব্ৰমেলিন নামৰ এনজাইম আৰু ভিটামিন বিয়ে ষ্টেমিনা, শক্তি আৰু শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰে।

  •  প্ৰতিদিনে পুৱা আৰু গধূলি এটা কল খালে শক্তি পোৱা যায়।

৮. নহৰু

  •  ইয়াত থকা এলিচিন নামৰ যৌগ এটাই পুৰুষৰ অংগত তেজৰ সোঁত বৃদ্ধি কৰে।
  • প্ৰতিদিনে পুৱা ৩-৪ ফুটা নহৰু চোবাই খালে বীৰ্য্যৰ পৰিমাণ বৃদ্ধি পায়।

৯. গাজৰ

. ইয়াত থকা ভিটামিন শুক্ৰাণুৰ উৎপাদন বৃদ্ধিত সহায়ক।

. চালাডত বিলাহী খালে বা বিলাহীৰ ৰস খালে উৰ্বৰতা বৃদ্ধি পায়।

১০.  পালেং

  •  ইয়াত প্ৰচুৰ পৰিমাণে ফলিক এচিড থাকে। ই শুক্ৰাণুৰ গুণগত মান আৰু আকৃতি উন্নত কৰে।
  •  দৈনিক আহাৰত পালেং খালে আৰু ইয়াৰ ৰস খালে উৰ্বৰতা বৃদ্ধি পায়।

 

শুক্ৰাণুৰ সংখ্যা কমি যোৱাত প্ৰতিৰোধ

শুক্ৰাণুৰ সংখ্যা কমি যোৱাটো ৰোধ কৰিব পাৰি। কিছুমান বিশেষ কাৰকে বীৰ্যৰ পৰিমাণ আৰু গুণগত মানত প্ৰভাৱ পেলায়। এইবোৰ আপোনাৰ জীৱনশৈলীৰ পৰা আঁতৰাব পাৰিলে শুক্ৰাণুৰ হ্ৰাস ৰোধ কৰিব পৰা যায়।

শুক্ৰাণুৰ সংখ্যাৰ অভাৱৰ পৰা হাত সাৰিবলৈ বা কমি যোৱাটো প্ৰতিৰোধ কৰিবলৈ তলত উল্লেখ কৰা কথাবোৰ আপুনি মনত ৰাখিব লাগিব:

  • ড্ৰাগছ সেৱনৰ পৰা আঁতৰি থাকক
  • মদৰ পৰা আঁতৰি থাকক
  • চিগাৰেটৰ পৰা আঁতৰি থাকক
  • ড্ৰাগছৰ দৰে নীচাযুক্ত ঔষধৰ পৰা আঁতৰি থাকক
  • ওজন কমাওক
  • ইয়াৰ লগতে শুক্ৰাণুৰ উৎপাদনত নেতিবাচক প্ৰভাৱ পেলাব পৰা ঔষধৰ বিষয়ত চিকিৎসকৰ সৈতে কথা পাতক।
  • অতি গৰম পৰিহাৰ কৰি চলক
  • মানসিক চাপৰ পৰা মুক্ত হওক
  • সুখী হবলৈ চেষ্টা কৰক

 

এইসমূহৰ লগতে পৰ্যাপ্ত পৰিমাণে ব্যায়াম কৰক আৰু পৰ্যাপ্ত পৰিমাণৰ নিদ্ৰা গ্ৰহণ কৰক। ষ্টাডিট্ৰাষ্টেড ছ’ৰ্চৰ এটা গৱেষণাৰ পৰা দেখা গৈছিল যে অতিৰিক্ত ওজন বা মেদবহুল লোকৰ ওজন কম হোৱা আৰু ব্যায়াম কৰাৰ ফলত শুক্ৰাণুৰ সংখ্যা উন্নত বা বৃদ্ধি হ’ব পাৰে। এই অধ্যয়নটোত মেদবহুল জীৱনশৈলীৰ ৪৫ জন পুৰুষৰ নিয়মীয়া ব্যায়ামে তেওঁলোকৰ শুক্ৰাণুৰ সংখ্যা আৰু গতিশীলতা বৃদ্ধি কৰাটো প্ৰমাণিত হৈছিল।

যিবোৰ কামে আপোনাৰ মনটোক সতেজ কৰে আৰু আপোনাক সুখী কৰে সেইবোৰ কামত হাত দিয়ক। মনটো সুখী কৰি ৰাখিলে আৰু নিজকে চাপমুক্ত কৰি ৰাখিব পাৰিলে ইয়াৰ পোনপটীয়া প্ৰভাৱ শুক্ৰাণুৰ স্থাস্থ্যতো নিশ্চিতভাৱে পৰে। 

Our Fertility Specialists

To know more

Birla Fertility & IVF aims at transforming the future of fertility globally, through outstanding clinical outcomes, research, innovation and compassionate care.

Need Help?

Talk to our fertility experts

Had an IVF Failure?

Talk to our fertility experts