আইভিএফ চিকিৎসা

Author : Dr. Deepika Nagarwal September 13 2024
Dr. Deepika Nagarwal
Dr. Deepika Nagarwal

MBBS, MS ( Obstetrics and Gynaecology), DNB, FMAS, DCR( Diploma in clinical ART)

8+Years of experience:
আইভিএফ চিকিৎসা

আইভিএফ চিকিৎসা কি

ইন ভিট্ৰ’ ফাৰ্টিলাইজেশ্যন বা আইভিফ  হৈছে প্ৰজনন ক্ষমতা উৰ্বৰতাত সহায় কৰিবলৈ বা জিনগত সমস্যা প্ৰতিৰোধ কৰিবলৈ আৰু এটি শিশু গৰ্ভত ধাৰণ কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰা এক পদ্ধতি। আইভিএফৰ সময়ত ডিম্বাশয়ৰ পৰা পূৰ্ণবয়স্ক ডিম্বাণু সংগ্ৰহ কৰা হয় আৰু পৰীক্ষাগাৰত শুক্ৰাণুৰ দ্বাৰা নিষিক্ত কৰা হয়। তাৰ পিছত নিষিক্ত ডিম্বাণু (ভ্ৰূণ) বা ডিম্বাণু (ভ্ৰূণ) জৰায়ুলৈ স্থানান্তৰ কৰা হয়। আইভিএফৰ এটা সম্পূৰ্ণ চক্ৰত প্ৰায় তিনি সপ্তাহ সময়ৰ প্ৰয়োজন হয়। আইভিএফ হৈছে সহায়ক প্ৰজনন প্ৰযুক্তিৰ আটাইতকৈ ফলপ্ৰসূ ৰূপ। এই পদ্ধতিত দম্পতীৰ নিজৰ ডিম্বাণু আৰু শুক্ৰাণু ব্যৱহাৰ কৰিব পাৰি। বা আইভিএফত কোনো পৰিচিত বা বেনামী দাতাৰ ডিম্বাণু, শুক্ৰাণু বা ভ্ৰূণ জড়িত কৰোৱাব পৰা যায়।

আইভিএফ চিকিৎসাৰ কেতিয়া প্ৰয়োজন হয়

যেতিয়া মহিলাগৰাকীৰ ফেল’পিয়ান টিউব বন্ধ হয় বা পুৰুষ বন্ধ্যা হয় তেতিয়া আইভিএফ একমাত্ৰ চিকিৎসা হিচাপে পৰিগণিত হয়। আন কিছুমান ক্ষেত্ৰত মহিলাৰ বয়স আৰু বন্ধ্যাত্ব নিৰ্ণায়ক কাৰক হৈ পৰে। ভাৰতীয় মহিলাৰ ক্ষেত্ৰত ডিম্বাশয়ৰ বয়স সোনকালে বাঢ়ে বাবে ত্ৰিশ বছৰ স্পৰ্শ কৰিলেই তেওঁলোকে নিজৰ চিকিৎসাৰ ক্ষেত্ৰত সজাগ হ’ব লাগে।

আইভিএফ সাধাৰণতে নিম্নোক্ত চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়:

  • প্ৰজনন ক্ষমতাৰ সমস্যা থকা বয়সস্থ মহিলা
  • ফেল’পিয়ান টিউব ক্ষতিগ্ৰস্ত বা বন্ধ হৈ থকা মহিলা
  • মহিলাগৰাকী এণ্ডোমেট্ৰিয়াছিছ ৰোগী হ’লে 
  • শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ ফলত পুৰুষৰ বন্ধ্যাত্ব হ’লে

আইভিএফৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগে

নিজৰ ডিম্বাণু আৰু শুক্ৰাণু ব্যৱহাৰ কৰি আইভিএফৰ চক্ৰ আৰম্ভ কৰাৰ আগতে আপুনি আৰু আপোনাৰ সংগীয়ে বিভিন্ন পৰীক্ষা কৰাৰ প্ৰয়োজন হ’ব, য’ত অন্তৰ্ভুক্ত থাকিব:

  • ডিম্বাশয়ৰ ৰিজাৰ্ভ পৰীক্ষা। আপোনাৰ ডিম্বাণুৰ পৰিমাণ আৰু গুণগত মান নিৰ্ণয় কৰিবলৈ চিকিৎসকে আপোনাৰ ঋতুচক্ৰৰ প্ৰথম কেইদিনমানৰ ভিতৰত আপোনাৰ তেজত ফলিকল-ষ্টিমুলেটিং হৰম’ন, এষ্ট্ৰেডিঅল (এষ্ট্ৰ’জেন) আৰু এণ্টি-মুলেৰিয়ান হৰম’নৰ ঘনত্ব পৰীক্ষা কৰিব পাৰে। 
  • সংক্ৰামক ৰোগৰ পৰীক্ষা। আই ভি এফ আৰম্ভ কৰাৰ আগতে সংক্ৰামক ৰোগসমূহ ভালদৰে বিশ্লেষণ কৰাত সহায় কৰা নিৰ্দিষ্ট পৰীক্ষাসমূহ কৰাটো প্ৰয়োজনীয়। পৰীক্ষাবোৰে আপোনাৰ হেপাটাইটিছ বি বা চি, এইচ আই ভি, চিফিলিছ আছে নে নাই পৰীক্ষা কৰাত সহায় কৰে। 
  • বীৰ্য বিশ্লেষণ। যদি আপোনাৰ প্ৰাৰম্ভিক প্ৰজনন ক্ষমতা মূল্যায়নৰ অংশ হিচাপে এয়া কৰা নহয়, তেতিয়া আইভিএফ চিকিৎসা চক্ৰ আৰম্ভ হোৱাৰ কিছু সময়ৰ আগতে আপোনাৰ চিকিৎসকে বীৰ্য বিশ্লেষণ কৰিব।
  • জৰায়ুৰ পৰীক্ষা। আইভিএফ আৰম্ভ কৰাৰ আগতে আপোনাৰ চিকিৎসকে জৰায়ুৰ ভিতৰৰ আৱৰণ পৰীক্ষা কৰিব। ইয়াৰ বাবে ছ’নোহিষ্টেৰ’গ্ৰাফী জড়িত কৰোৱা হ’ব পাৰে।

আইভিএফ চিকিৎসাৰ পূৰ্বে পুৰুষৰ পৰীক্ষা

প্ৰচলিত বহুবোৰ কাহিনীৰ বিপৰীতে বন্ধ্যাত্ব কেৱল মহিলাৰ মাজতে সীমাবদ্ধ নহয়। শুক্ৰাণুৰ গুণগত মান আৰু শুক্ৰাণু উৎপাদনৰ সমস্যা দম্পতীৰ বন্ধ্যাত্ব বৃদ্ধিৰ এটা অন্যতম কাৰণ। সেয়েহে যেতিয়া দম্পতীয়ে গৰ্ভধাৰণত অসুবিধা পায়, তেতিয়া দুয়োজন সংগীৰ প্ৰজনন ক্ষমতাৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হয়। পুৰুষৰ বন্ধ্যাত্ব নিৰ্ণয় কৰি এটা কাৰণ চিনাক্ত কৰিবলৈ বিভিন্ন পৰীক্ষা কৰা হ’ব পাৰে। এনে পৰীক্ষাসমূহ হ’ল-

চিকিৎসাৰ ইতিহাস আৰু শাৰীৰিক পৰীক্ষা

বন্ধ্যাত্ব নিৰ্ণয়ৰ বাবে চিকিৎসকে লোৱা প্ৰথম পদক্ষেপটো হ’ল পুৰুষজনৰ চিকিৎসাৰ ইতিহাস আৰু প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পৰা যিকোনো জিনগত সমস্যাৰ বিষয়ে উমান লোৱা। চিকিৎসকে ৰোগীৰ যৌনাংগও পৰীক্ষা কৰি আঘাত বা সংক্ৰমণৰ লক্ষণ বিচাৰিব পাৰে।

বীৰ্য বিশ্লেষণ

বীৰ্যত থকা শুক্ৰাণুৰ পৰিমাণ আৰু গুণগত মান দুয়োটাই প্ৰজনন ক্ষমতা নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বীৰ্য্য বিশ্লেষণে বীৰ্য্যত শুক্ৰাণুৰ ঘনত্ব, আকৃতি, গতিশীলতা, মুঠ সংখ্যা আৰু (যদি আছে) সংক্ৰমণৰ লক্ষণসমূহ সূচায়। 

স্ক্ৰটেল আল্ট্ৰাছাউণ্ড

স্ক্ৰ’টেল আল্ট্ৰাছাউণ্ডত কম্পিউটাৰৰ পৰ্দাত প্ৰজনন অংগসমূহৰ ছবি গঠন কৰিবলৈ শব্দ তৰংগৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত চিকিৎসকে অণ্ডকোষৰ সৈতে ভেৰিকোচেল বা এনেধৰণৰ আন কোনো সমস্যাৰ লক্ষণ বিচাৰিব পাৰে।

হৰম’ন পৰীক্ষা

প্ৰজনন ক্ষমতাক প্ৰভাৱিত কৰা টেষ্ট’ষ্টেৰন আৰু এনেধৰণৰ অন্যান্য হৰম’নৰ মাত্ৰা পৰীক্ষা কৰিবলৈ তেজৰ পৰীক্ষা কৰাটো বাঞ্ছনীয় হ’ব পাৰে।

স্খলনৰ পিছৰ প্ৰস্ৰাৱ বিশ্লেষণ

এই পৰীক্ষাৰ দ্বাৰা প্ৰস্ৰাৱত শুক্ৰাণুৰ উপস্থিতি পৰীক্ষা কৰা হয়। যদি উপস্থিত থাকে তেন্তে ই ৰেট্ৰ’গ্ৰেড ইজেকুলেচনৰ লক্ষণ হ’ব পাৰে।

জিনীয় পৰীক্ষা

শুক্ৰাণুৰ সংখ্যা অতি কম হ’লে চিকিৎসকে জিনীয় সমস্যা থকাৰ সন্দেহ কৰিব পাৰে। সেয়েহে ৱাই ক্ৰম’জমত জিনীয় অস্বাভাৱিকতাৰ লক্ষণৰ লগতে আন কোনো জন্মগত বিকাৰ থকাৰ পৰীক্ষা কৰিবলৈ জিনীয় পৰীক্ষাৰ পৰামৰ্শ দিব পাৰি।

শুক্ৰাণুৰ বিশেষ কাৰ্য্য পৰীক্ষা

বীর্যপাতৰ পিছত শুক্ৰাণুৱে কিমান ভালদৰে আচৰণ কৰে সেইটো পৰীক্ষা কৰিবলৈ আন কেইবাটাও পৰীক্ষাৰ পৰামৰ্শও চিকিৎসকে দিব পাৰে। ইয়াৰ দ্বাৰা এইটো নিৰ্ণয় কৰা হয় যে ইহঁতৰ ডিম্বাণুত প্ৰৱেশ কৰাৰ ক্ষমতা আছে নে নাই আৰু শুক্ৰাণু ডিম্বাণুৰ লগত সংলগ্ন হোৱাত কোনো সমস্যা আছে নেকি। 

আইভিএফ চিকিৎসাৰ পূৰ্বে মহিলাৰ বাবে পৰীক্ষা

যেতিয়া আপুনি প্ৰজনন বিশেষজ্ঞৰ সৈতে আপোনাৰ প্ৰাৰম্ভিক পৰামৰ্শৰ সময় নিৰ্ধাৰণ কৰে, তেতিয়া কি সমস্যা হৈছে আৰু তাৰ পিছত কি কৰিব লাগে সেইটো বিশ্লেষণ কৰিবলৈ কেইবাটাও পৰীক্ষা কৰা হয়। তেনে কেইটামান পৰীক্ষা হ’ল-

  • নলীৰ পেটেন্সি পৰীক্ষাঃ এক্স-ৰে বা আল্ট্ৰাছাউণ্ডে ধৰা পেলাব নোৱাৰাসমূহ ভালদৰে পৰীক্ষা কৰাত এইচ এছ জিয়ে সহায় কৰে। ফেল’পিয়ান টিউবৰ পেটেন্সিয়ে জৰায়ুৰ মূল্যায়ন কৰে। 
  • ডিম্বাশয়ৰ ৰিজাৰ্ভ পৰীক্ষাঃ মহিলাৰ শৰীৰত থকা ডিম্বাণুৰ মুঠ সংখ্যা বিশ্লেষণ কৰিবলৈ কেইবাটাও হৰম’ন তেজৰ পৰীক্ষা কৰা হয়। 

আইভিএফ চিকিৎসাৰ পদক্ষেপ

আইভিএফ প্ৰক্ৰিয়াত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হয়। সেইসমূহ হৈছে-

  • অধিক ডিম্বক্ষৰণৰ জৰিয়তে আপোনাৰ ডিম্বাণুৰ উৎপাদন বৃদ্ধি কৰা। আপোনাক প্ৰজনন ক্ষমতাৰ ঔষধ দিয়া হ’ব যি ষ্টিমুলেচন নামৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিব। অৰ্থাৎ এই ঔষধবোৰে আপোনাৰ শৰীৰত প্ৰতিমাহত কেৱল স্বাভাৱিক এটা ডিম্বাণুতকৈ অধিক উৎপাদন কৰিব। 
  • ডিম্বাণু সংগ্ৰহ

আপোনাৰ শৰীৰৰ পৰা ডিম্বাণু সংগ্ৰহ কৰাৰ এদিনতকৈ আগতে আপোনাক হৰম’নৰ বেজী দিয়া হ’ব যি আপোনাৰ ডিম্বাণুবোৰ সোনকালে পৰিপক্ক হোৱাত সহায় কৰিব। ইয়াৰ পিছত গ্ৰহণ কৰা ফলিকুলাৰ এস্পিৰেচন প্ৰক্ৰিয়াৰ সময়ত আপোনাৰ চিকিৎসকে আল্ট্ৰাছাউণ্ডৰ সহায়ত আপোনাৰ যোনিৰ মাজেৰে আপোনাৰ ডিম্বাশয়ৰ ভিতৰলৈ পাতল বেজী এটা লৈ যাব। বেজীটোৰ লগত এটা যন্ত্ৰ সংলগ্ন হৈ থাকে যিয়ে এটা এটাকৈ কণীবোৰ সংগ্ৰহ কৰি উলিয়াই আনে।

  • আপোনাৰ সংগী বা কোনো দাতাৰ পৰা শুক্ৰাণু সংগ্ৰহ

আপোনাৰ ডিম্বাণু সংগ্ৰহৰ সময়ত আপোনাৰ সংগীয়ে শুক্ৰাণুৰ নমুনা দিব লাগিব। আপুনিও দাতাৰ শুক্ৰাণুও ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছত শুক্ৰাণুবোৰৰ মাজৰ পৰা আটাইতকৈ সুস্থ শুক্ৰাণুবোৰ বিচাৰি উলিওৱা হয়।

  • শুক্ৰাণু আৰু ডিম্বাণু একত্ৰিত কৰা

ইয়াৰ পিছত আপোনাৰ শ্ৰেষ্ঠ ডিম্বাণুৰ সৈতে শ্ৰেষ্ঠ শুক্ৰাণুৰ সংমিশ্ৰণ ঘটোৱা হয়। এই পৰ্যায়টোক বীৰ্য্য স্থাপন বোলা হয়। সাধাৰণতে এটা শুক্ৰাণুক এটা ডিম্বাণু নিষিক্ত কৰিবলৈ কেইঘণ্টামান সময় লাগে। 

  • ভ্ৰূণ(সমূহ) আপোনাৰ জৰায়ুলৈ স্থানান্তৰিত কৰা

এবাৰ আপোনাৰ ডিম্বাণু সংগ্ৰহ হ’লে আপুনি আৰু এটা ঔষধ লাভ কৰিব। এইটোৱে আপোনাৰ জৰায়ুৰ আৱৰণখনক আপোনাৰ ভিতৰলৈ পুনৰ স্থানান্তৰিত হ’বলগীয়া ভ্ৰূণবোৰ গ্ৰহণ কৰিবলৈ প্ৰস্তুত কৰি তোলে। নিষেচনৰ প্ৰায় তিনি-পাঁচ দিনৰ পিছত চিকিৎসকে কেথেটাৰ ব্যৱহাৰ কৰি ভ্ৰূণবোৰ আপোনাৰ জৰায়ুত স্থাপন কৰিব। 

 

আইভিএফ চিকিৎসাৰ লাভ 

আই ভি এফ চিকিৎসাৰ পৰা পাব পৰা লাভ সমূহ হ’ল- 

  • বন্ধ্যাত্বৰ সকলো চিকিৎসা বিফল হোৱাৰ পিছত আইভিএফ চিকিৎসা গ্ৰহণ কৰিব পাৰি। 
  • ইয়াক যিকোনো ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে। ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন কেৱল শিশুৰ মাতৃৰ মাজতে সীমাবদ্ধ নহয়, ইয়াক চেৰ’গেট বা গৰ্ভাৱস্থাৰ বাহক, সমলিংগ দম্পতী, শাৰীৰিকভাৱে পূৰ্ণম্যাদৰ শিশু গৰ্ভধাৰণ কৰিব নোৱৰা মহিলা বা অবিবাহিত মহিলাইও গ্ৰহণ কৰিব পাৰে।
  • আপুনি দান কৰা ডিম্বাণু আৰু/বা শুক্ৰাণু ব্যৱহাৰ কৰিব পাৰে। 
  • সময়ৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব পাৰে। যিসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰে বা যিসকলৰ জীৱনত এক বিশেষ পৰিস্থিতি থাকে। আইভিএফে তেওঁলোকক সময়ৰ ওপৰত অধিক নিয়ন্ত্ৰণ প্ৰদান কৰি তেওঁলোকক উপকৃত কৰে।
  • সুস্থ সন্তান জন্ম দিয়াৰ সম্ভাৱনা বৃদ্ধি কৰে। জেনেটিক স্ক্ৰীনিং হৈছে এক শক্তিশালী প্ৰযুক্তি যি আপোনাৰ শিশুটি সুস্থভাৱে জন্ম হোৱাটো নিশ্চিত কৰাত সহায় কৰে। 
  • গৰ্ভপাতৰ সম্ভাৱনা হ্ৰাস কৰে। 
  • গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি কৰে। পিজিটিৰ সৈতে আইভিএফৰ সফলতাৰ হাৰ আন সকলো সহায়ক প্ৰজনন বিকল্পতকৈ সৰ্বাধিক। 

 

আইভিএফ চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াসমূহ

আইভিএফত বিভিন্ন সমস্যাই দেখা দিব পাৰে। সেইসমূহ হ’ল-

  • একাধিক শিশুৰ জন্ম।
  • অকাল প্ৰসৱ আৰু জন্মৰ সময়ত ওজন কম  হোৱা।
  • অভেৰিয়ান হাইপাৰষ্টিমুলেচন ছিনড্ৰম।
  • গৰ্ভপাত।
  • ডিংম্বাণু সংগ্ৰহ পদ্ধতিৰ জটিলতা।
  • এক্ট’পিক গৰ্ভাৱস্থা।
  • জন্মগত বিসংগতি।
  • কৰ্কট
  • চাপ

আইভিএফ চিকিৎসক কেনেকৈ বাছিব

এগৰাকী আই ভি এফ চিকিৎসক বাচি উলিওৱাৰ ওপৰত এই চিকিৎসাৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে। সেয়েহে আই ভি এফৰ পূৰ্বে এনে ক্ষেত্ৰত চিকিৎসকগৰাকীৰ সফলতাৰ হাৰ, ক্লিনিকেল ষ্টাফৰ অভিজ্ঞতা, তেওঁলোকে প্ৰদান কৰা সুবিধা আৰু ইয়াত ব্যৱহৃত প্ৰযুক্তি, এই  প্ৰক্ৰিয়া কিমান সময়ৰ ভিতৰত আৰু কেনেদৰে গ্ৰহণ কৰে, ইয়াৰ বাবে হ’ব লগা খৰচ আৰু পদ্ধতিটোৰ স্বচ্ছতা আৰু চিকিৎসকগৰাকী সংবেদনশীলতাত দৃষ্টি দিব লাগিব।

আইভিএফ চিকিৎসাৰ পিছত কৰিবলগীয়া

ভ্ৰুণ স্থানান্তৰৰ পিছত আপুনি কৰিব লগা কিছুমান কাম ইয়াত উল্লেখ কৰা হৈছে।

  • আই ভি এফৰ পিছত কেইদিনমান জিৰণি লওক। কিছুমান বিশেষজ্ঞই আপোনাক ছুটী ল’বলৈ আৰু কষ্টকৰ কামবোৰ নকৰিলৈকো পৰামৰ্শ দিব।
  • ভ্ৰূণ স্থানান্তৰৰ পূৰ্বে গ্ৰহণ কৰা আৰু নতুনকৈ দিয়া ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব।
  • গৰ্ভৱতী মহিলাৰ বাবে বিশেষজ্ঞসকলে পৰামৰ্শ দিয়া স্বাস্থ্যসন্মত খাদ্যাভ্যাসক আকোৱালি লওক।
  • যদি আপুনি ইতিমধ্যে ফলিক এচিডৰ পৰিপূৰক গ্ৰহণ কৰা নাই, তেন্তে এতিয়াই আৰম্ভ কৰাৰ সময়! গৰ্ভৱতী অৱস্থাত ফলিক এচিড গ্ৰহণ কৰাৰ বহুত উপকাৰ আছে। 
  • আপুনি এনে সামগ্ৰী ব্যৱহাৰ নকৰিব য’ত বিচফেনল এ (বিপিএ), পেৰাবেন, আৰু ট্ৰাইক্ল’জেন আদি পদাৰ্থ থাকে।

 

Our Fertility Specialists

Recent blogs