Trust img
All About Male Infertility(পুৰুষৰ বন্ধ্যাত্ব)

All About Male Infertility(পুৰুষৰ বন্ধ্যাত্ব)

Dr. Prachi Benara
Dr. Prachi Benara

MBBS (Gold Medalist), MS (OBG), DNB (OBG), PG Diploma in Reproductive and Sexual health

16 Years of experience

পুৰুষৰ বন্ধ্যাত্ব কি

বন্ধ্যাত্ব হৈছে প্ৰজনন তন্ত্ৰৰ এক ৰোগ। ই মানুহক সন্তান জন্ম দিয়াত অক্ষম কৰি তোলে। পুৰুষৰ বন্ধ্যাত্বৰ অৰ্থ হ’ল এজন পুৰুষৰ প্ৰজনন তন্ত্ৰত থকা সমস্যা। ইয়াৰ অৰ্থ হ’ল কোনো এজন পুৰুষে তেওঁৰ মহিলা সংগীক গৰ্ভাৱতী কৰি তোলাত প্ৰদৰ্শন কৰা অক্ষমতা। প্ৰতি ৭টা দম্পতীৰ ভিতৰত প্ৰায় ১টাই বন্ধ্যা হয়, অৰ্থাৎ তেওঁলোকে এবছৰ বা তাতকৈ অধিক সময় ধৰি সঘনাই অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছতো মহিলাগৰাকীয়ে সন্তান গৰ্ভত ধাৰণ কৰিব পৰা নাই। এনে দম্পতীৰ আধা সংখ্যকৰ বাবে পুৰুষৰ বন্ধ্যাত্বই দায়ী। 

কেতিয়াবা বন্ধ্যাত্ব যৌন কাৰ্য্যৰ সৈতে জড়িত আৰু আন কেতিয়াবা বীৰ্যৰ গুণাগুণৰ সৈতে জড়িত হ’ব পাৰে। ইয়াত প্ৰত্যেকৰে কেইটামান উদাহৰণ দিয়া হ’ল:

  • যৌন প্ৰবৃত্তি বা লিবিডোঃ যৌন প্ৰবৃত্তি বা লিবিডোৱে ব্যক্তিৰ যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছাক বৰ্ণনা কৰে। 
  • ইৰেক্টাইল ডিছফাংচনঃ যেতিয়া পুৰুষে লিংগৰ উত্থান ঘটাব বা বজাই ৰাখিব নোৱাৰে তেতিয়া তাক ইৰেক্টাইল ডিছফাংচন বুলি জনা যায় ।
  • শুক্ৰাণুৰ সংখ্যাঃ বীৰ্যৰ গুণগত মানৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল নিৰ্দিষ্ট পৰিমাণৰ বীৰ্য্যত শুক্ৰাণু কোষৰ সংখ্যা বা ঘনত্ব।
  • শুক্ৰাণুৰ গতিশীলতাঃ সুস্থ শুক্ৰাণু কোষৰ এটা অপৰিহাৰ্য কাম হ’ল ইয়াৰ সাঁতুৰিব পৰাৰ ক্ষমতা। বীৰ্য্যৰ নমুনাত চলন্ত শুক্ৰাণু কোষৰ শতকৰা হাৰ হিচাপে শুক্ৰাণুৰ গতিশীলতা জুখিব পাৰি।
  • টেষ্টষ্টেৰনৰ মাত্ৰাঃ পুৰুষৰ যৌন হৰম’ন টেষ্টষ্টেৰন কম হ’লে কিছুমান পুৰুষ বন্ধ্যাত্বহ’ব পাৰে।

 

পুৰুষৰ বন্ধ্যাত্বৰ কাৰণ

শুক্ৰাণুৰ উৎপাদন কম হোৱা, শুক্ৰাণুৰ অস্বাভাৱিক কাৰ্য্য বা শুক্ৰাণু উলোৱা বন্ধ হৈ পৰাৰ বাবে পুৰুষ বন্ধ্যা হ’ব পাৰে। ৰোগ, আঘাত, দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা, জীৱনশৈলী, বয়স আৰু অন্যান্য কাৰকে পুৰুষৰ বন্ধ্যাত্বত অৰিহণা যোগাব পাৰে। পুৰুষৰ বন্ধ্যাত্বৰ আটাইতকৈ সাধাৰণ সমস্যাবোৰৰ ভিতৰত এটা হ’ল অণ্ডকোষে কেনেকৈ কাম কৰে তাৰ ওপৰত পেলোৱা প্ৰভাৱ। আন সমস্যাসমূহ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা বা বন্ধ হোৱা বা পুৰুষৰ প্ৰজনন অংগৰ কিছুমান নলীৰ অনুপস্থিতি। শুক্ৰাণুৰ সম্পূৰ্ণ অভাৱ হোৱাটো প্ৰায় ১৫% বন্ধ্যা পুৰুষৰ বন্ধ্যাত্বৰ কাৰণ। যেতিয়া পুৰুষে শুক্ৰাণু উৎপন্ন নকৰে তেতিয়া ইয়াক এজ’স্পাৰমিয়া বুলি কোৱা হয়। হৰম’নৰ ভাৰসাম্যহীনতা বা শুক্ৰাণুৰ গতিবিধি বন্ধ হৈ এজ’স্পাৰ্মিয়া হ’ব পাৰে। পুৰুষৰ বন্ধ্যাত্বৰ অন্যান্য কাৰণসমূহৰ ভিতৰত থাকিব পাৰে:

    • জননাংগত হোৱা টিউমাৰ
  • শুক্ৰাণু আক্ৰমণ কৰা এন্টিব’ডি
  • হৰম’নৰ ভাৰসাম্যহীনতা
  • শুক্ৰাণু পৰিবহণ কৰা নলীৰ দোষ
  • ক্ৰম’জমৰ দোষ
  • চিলিয়াক ৰোগ
  • কিছুমান বিশেষ ঔষধ
  • পূৰ্বৰ অস্ত্ৰোপচাৰ
  • ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ
  • গধুৰ ধাতুৰ সংস্পৰ্শ
  • বিকিৰণ বা এক্স-ৰে
  • অণ্ডকোষ অতিমাত্ৰা গৰম হোৱা
  • ড্ৰাগছ সেৱন
  • অতিশয় মদ্যপান
  • ধঁপাত সেৱন
  • অত্যাধিক ওজন

 

পুৰুষৰ বন্ধ্যাত্বৰ লক্ষণ

পুৰুষৰ বন্ধ্যাত্বৰ মূল লক্ষণ হ’ল তেওঁৰ সংগীয়ে সন্তান গৰ্ভত ধাৰণ কৰিব নোৱৰা। এই ক্ষেত্ৰত আন কোনো স্পষ্ট লক্ষণ নাথাকিবও পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত বংশগত বিকাৰ, হৰম’নৰ ভাৰসাম্যহীনতা, অণ্ডকোষৰ চাৰিওফালে প্ৰসাৰিত শিৰা বা শুক্ৰাণুৰ গতি বন্ধ হোৱা অৱস্থাৰ অন্তৰ্নিহিত সমস্যাই বিভিন্ন লক্ষণৰ সৃষ্টি কৰে। আপুনি লক্ষ্য কৰিব লক্ষণসমূহৰ ভিতৰত আছে:

  • যৌন কাৰ্য্যত সমস্যা — যেনে, বীর্যপাতত অসুবিধা বা সৰু পৰিমাণৰ তৰল পদাৰ্থৰ স্খলন, যৌন ইচ্ছা কমি যোৱা, বা লিংগৰ উত্থান বজাই ৰখাত অসুবিধা (ইৰেক্টাইল ডিছফাংচন)
  • অণ্ডকোষৰ অংশত বিষ হোৱা, ফুলি উঠা
  • পুনৰাবৃত্তিমূলক শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ
  • গোন্ধ ল’ব নোৱৰা
  • স্তনৰ বৃদ্ধিৰ অস্বাভাৱিকতা (গাইনেকোমাষ্টিয়া) ৷
  • মুখ বা শৰীৰৰ নোম কমি যোৱা বা ক্ৰম’জম বা হৰম’নৰ অস্বাভাৱিকতাৰ অন্যান্য লক্ষণ
  • শুক্ৰাণুৰ সংখ্যা স্বাভাৱিকতকৈ কম হোৱা (প্ৰতি মিলিলিটাৰ বীৰ্য্যত ১.৫ কোটিতকৈ কম শুক্ৰাণু বা প্ৰতিবাৰ বীৰ্য্যপাতত মুঠ শুক্ৰাণুৰ সংখ্যা ৩.৯ কোটিতকৈ কম)

 

পুৰুষৰ বন্ধ্যাত্বৰ ৰোগ নিৰ্ণয়

বহু বন্ধ্যা দম্পতীৰ বন্ধ্যাত্বৰ এটাতকৈ অধিক কাৰণ থাকে, গতিকে সম্ভৱতঃ আপোনালোক দুয়োজনৰে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন হ’ব পাৰে। বন্ধ্যাত্বৰ কাৰণ নিৰ্ণয় কৰিবলৈ কেইবাটাও পৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে। কিছুমান ক্ষেত্ৰত কোনো কাৰণ কেতিয়াও চিনাক্ত কৰা নহয়। বন্ধ্যাত্বৰ পৰীক্ষা ব্যয়বহুল হ’ব পাৰে।

পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা নিৰ্ণয় কৰিবলৈ সাধাৰণতে নিম্নোক্ত বিষয়সমূহ জড়িত হৈ থাকে:

  • সাধাৰণ শাৰীৰিক পৰীক্ষা আৰু চিকিৎসা বিষয়ক ইতিহাসঃ ইয়াৰ ভিতৰত আপোনাৰ যৌনাংগ পৰীক্ষা কৰা আৰু প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পৰা যিকোনো বংশগত অৱস্থা, দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা, ৰোগ, আঘাত বা অস্ত্ৰোপচাৰৰ বিষয়ে কৰা প্ৰশ্নও অন্তৰ্ভুক্ত। 
  • বীৰ্য বিশ্লেষণঃ বীৰ্যৰ নমুনা দুটামান বেলেগ ধৰণেৰে ল’ব পাৰি। হস্তমৈথুন আৰু বিশেষ পাত্ৰত বীর্যপাত কৰি নমুনা দিব পাৰে। সংগমৰ সময়ত বিশেষ কণ্ডম ব্যৱহাৰ কৰিও বীৰ্য সংগ্ৰহ কৰি এনে নমুনা দিব পাৰি।

আপোনাৰ বন্ধ্যাত্বৰ কাৰণ চিনাক্ত কৰাত সহায়ক হোৱাকৈ আপোনাৰ চিকিৎসকে অতিৰিক্ত পৰীক্ষাৰ পৰামৰ্শ দিব পাৰে। ইয়াৰ ভিতৰত থাকিব পাৰে:

  • স্ক্ৰ’টাল আল্ট্ৰাছাউণ্ডঃ এই পৰীক্ষাত আপোনাৰ শৰীৰৰ ভিতৰত ছবি উৎপন্ন কৰিবলৈ উচ্চ কম্পনাঙ্কৰ শব্দ তৰংগ ব্যৱহাৰ কৰা হয়। স্ক্ৰ’টাল আল্ট্ৰাছাউণ্ডে আপোনাৰ চিকিৎসকক অণ্ডকোষ আৰু ভেৰিকোচেল বা অন্যান্য সমস্যা আছে নেকি চোৱাত সহায় কৰিব পাৰে।
  • ট্ৰেন্সৰেক্টাল আল্ট্ৰাছাউণ্ডঃ আপোনাৰ মলদ্বাৰত এডাল সৰু, তেলযুক্ত মিহি লাঠী সুমুৱাই দিয়া হয়। ইয়াৰ দ্বাৰা আপোনাৰ চিকিৎসকে আপোনাৰ প্ৰষ্টেট পৰীক্ষা কৰিব পাৰে আৰু বীৰ্য্য কঢ়িয়াই নিয়া নলীবোৰ বন্ধ হৈ আছে নেকি সেয়া চাব পাৰে।
  • হৰম’ন পৰীক্ষাঃ পিটুইটাৰী গ্ৰন্থি, হাইপ’থেলামাছ আৰু অণ্ডকোষৰ দ্বাৰা উৎপাদিত হৰম’নে যৌন বিকাশ আৰু শুক্ৰাণু উৎপাদনত মূল ভূমিকা গ্ৰহণ কৰে। অন্যান্য হৰম’ন বা অংগ ব্যৱস্থাৰ অস্বাভাৱিকতাইও বন্ধ্যাত্বত অৰিহণা যোগাব পাৰে। তেজৰ পৰীক্ষাত টেষ্ট’ষ্টেৰন আৰু অন্যান্য হৰম’নৰ মাত্ৰা জুখিব পাৰি।
  • প্ৰস্ৰাৱ বিশ্লেষণঃ আপোনাৰ প্ৰস্ৰাৱত থকা শুক্ৰাণুৱে স্খলনৰ সময়ত আপোনাৰ শুক্ৰাণু আপোনাৰ লিংগৰ বাহিৰলৈ যোৱাৰ পৰিৱৰ্তে মূত্ৰাশয়লৈ পিছলৈ যোৱাৰ ইংগিত দিব পাৰে (ৰেট্ৰ’গ্ৰেড ইজেকুলেচন)।
  • জিনীয় পৰীক্ষাঃ যেতিয়া শুক্ৰাণুৰ ঘনত্ব অত্যন্ত কম হয়, তেতিয়া ইয়াৰ জিনীয় কাৰণ থাকিব পাৰে। বিভিন্ন জন্মগত বা বংশগত ছিনড্ৰম নিৰ্ণয় কৰিবলৈ জিনীয় পৰীক্ষাৰ নিৰ্দেশ দিয়া হ’ব পাৰে।
  • অণ্ডকোষৰ বায়’প্সিঃ এই পৰীক্ষাত বেজীৰে অণ্ডকোষৰ পৰা নমুনা লোৱা হয়। যদি অণ্ডকোষৰ বায়’প্সিৰ ফলাফলত শুক্ৰাণুৰ উৎপাদন স্বাভাৱিক বুলি দেখা যায় তেন্তে আপোনাৰ সমস্যাৰ কাৰণ ব্লক হ’ব পাৰে বা শুক্ৰাণু পৰিবহণৰ আন সমস্যা থাকিব পাৰে।
  • শুক্ৰাণুৰ কাৰ্য্যৰ বিশেষ পৰীক্ষাঃ বীর্যপাতৰ পিছত আপোনাৰ শুক্ৰাণু কিমান ভালদৰে জীয়াই থাকে, ডিম্বাণু এটাত কিমান ভালদৰে সোমাব পাৰে, আৰু ডিম্বাণুৰ লগত সংলগ্ন হোৱাত কোনো সমস্যা আছে নেকি সেইটা জানিবলৈ কেইবাটাও পৰীক্ষা কৰিব পাৰে।

 

পুৰুষৰ বন্ধ্যাত্বৰ চিকিৎসা

প্ৰায়ে বন্ধ্যাত্বৰ সঠিক কাৰণ বিচাৰি পোৱা নাযায়। যদিও ইয়াৰ সঠিক কাৰণ স্পষ্ট নহয়, তথাপিও আপোনাৰ চিকিৎসকে এনে চিকিৎসা বা পদ্ধতিৰ পৰামৰ্শ দিব পাৰে যি গৰ্ভধাৰণৰ সূচনা কৰিব পাৰে। বন্ধ্যাত্বৰ ক্ষেত্ৰত মহিলা সংগীকো পৰীক্ষা কৰাটো বাঞ্ছনীয়। আপোনাৰ সংগীৰ বাবে নিৰ্দিষ্ট চিকিৎসাৰ পৰামৰ্শ দিয়া হ’ব পাৰে। আপুনি জানিব পাৰিব যে কোনোটো সহায়ক প্ৰজনন কৌশলৰ সৈতে আগবাঢ়ি যোৱাটো আপোনাৰ পৰিস্থিতিত উপযুক্ত হ’ব।

পুৰুষৰ বন্ধ্যাত্বৰ চিকিৎসাৰ ভিতৰত আছে:

  • অস্ত্ৰোপচাৰঃ উদাহৰণস্বৰূপে, ভেৰিকোচেল প্ৰায়ে অস্ত্ৰোপচাৰৰ দ্বাৰা সংশোধন কৰিব পাৰি বা বাধাপ্ৰাপ্ত ভেছ ডিফেৰেন্স মেৰামতি কৰিব পাৰি। স্খলনত কোনো শুক্ৰাণু নথকাৰ ক্ষেত্ৰত শুক্ৰাণু পুনৰুদ্ধাৰ কৌশল ব্যৱহাৰ কৰি প্ৰায়ে অণ্ডকোষ বা এপিডিডাইমিছৰ পৰা পোনপটীয়াকৈ শুক্ৰাণু পুনৰুদ্ধাৰ কৰিব পাৰি।
  • সংক্ৰমণৰ চিকিৎসাঃ এন্টিবায়’টিক চিকিৎসাই প্ৰজনন নলীৰ সংক্ৰমণ নিৰাময় কৰিব পাৰে, কিন্তু সদায় প্ৰজনন ক্ষমতা পুনৰুদ্ধাৰ নকৰে।
  • যৌন সম্পৰ্কৰ সমস্যাৰ চিকিৎসাঃ ইৰেক্টাইল ডিছফাংচন নতুবা অকালতে বীর্যপাত হোৱাৰ দৰে অৱস্থাত ঔষধ বা পৰামৰ্শই প্ৰজনন ক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে।
  • হৰম’নৰ চিকিৎসা আৰু ঔষধঃ যিবোৰ ক্ষেত্ৰত কিছুমান হৰম’নৰ উচ্চ বা নিম্ন মাত্ৰা বা শৰীৰে হৰম’ন ব্যৱহাৰ কৰাৰ ধৰণৰ সমস্যাৰ বাবে বন্ধ্যাত্বৰ সৃষ্টি হয়, তেনে ক্ষেত্ৰত আপোনাৰ চিকিৎসকে হৰম’ন প্ৰতিষ্ঠাপন বা ঔষধৰ পৰামৰ্শ দিব পাৰে।
  • সহায়ক প্ৰজনন প্ৰযুক্তিঃ সহায়ক প্ৰজনন প্ৰযুক্তি বা এ আৰ টি (ART) চিকিৎসাত আপোনাৰ নিৰ্দিষ্ট পৰিস্থিতি আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি স্বাভাৱিক বীর্যপাত, অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই অনা বা দাতাৰ পৰা শুক্ৰাণু লাভ কৰাটো জড়িত হৈ থাকে। তাৰ পিছত শুক্ৰাণুবোৰ মহিলাৰ যৌনাংগত সুমুৱাই দিয়া হয়, বা ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন বা ইন্ট্ৰাচাইট’প্লাজমিক শুক্ৰাণুৰ বেজী দিবলৈ ব্যৱহাৰ কৰা হয়।

 

পুৰুষৰ উৰ্বৰতা কেনেকৈ বৃদ্ধি কৰিব পাৰি

সুস্থ শুক্ৰাণু উৎপাদনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে সহজ পদক্ষেপসমূহৰ ভিতৰত আছে:

  • সুস্থ ওজন বজাই ৰখাঃ কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে বডি মাছ ইনডেক্স (BMI) বৃদ্ধিৰ লগত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱা আৰু শুক্ৰাণুৰ সক্ৰিয়তা হ্ৰাস পোৱাৰ সম্পৰ্ক আছে।
  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাঃ প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকা ফল-মূল খাবলৈ বাছি লওক, এন্টিঅক্সিডেন্টে শুক্ৰাণুৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।
  • যৌন সংক্ৰমণ (STI) প্ৰতিৰোধ কৰাঃ ক্ল’মাইডিয়া আৰু গনোৰিয়াৰ দৰে যৌন সংক্ৰমণে পুৰুষৰ বন্ধ্যাত্বৰ সৃষ্টি কৰিব পাৰে। যৌন সঙ্গীৰ সংখ্যা সীমিত কৰি যৌন সম্পৰ্কৰ বাবে সদায় কণ্ডম ব্যৱহাৰ কৰা বা সংক্ৰমিত নোহোৱা সংগীৰ সৈতে সম্পৰ্কত থাকিলে এছটিআইৰ পৰা ৰক্ষা পোৱাত সহায়ক হয়।
  • মানসিক চাপ হ্ৰাস কৰাঃ মানসিক চাপে যৌন কাৰ্য্য হ্ৰাস কৰিব পাৰে আৰু শুক্ৰাণু উৎপাদনৰ বাবে প্ৰয়োজনীয় হৰম’নত বাধাৰ সৃষ্টি কৰিব পাৰে।
  • সক্ৰিয় হওকঃ মধ্যমীয়া শাৰীৰিক কাৰ্য্যকলাপে শক্তিশালী এন্টিঅক্সিডেন্ট এনজাইমৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যি শুক্ৰাণু সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।

Our Fertility Specialists

Dr. Rashmika Gandhi

Gurgaon – Sector 14, Haryana

Dr. Rashmika Gandhi

MBBS, MS, DNB

6+
Years of experience: 
  1000+
  Number of cycles: 
View Profile
Dr. Prachi Benara

Gurgaon – Sector 14, Haryana

Dr. Prachi Benara

MBBS (Gold Medalist), MS (OBG), DNB (OBG), PG Diploma in Reproductive and Sexual health

16+
Years of experience: 
  3000+
  Number of cycles: 
View Profile
Dr. Madhulika Sharma

Meerut, Uttar Pradesh

Dr. Madhulika Sharma

MBBS, DGO, DNB (Obstetrics and Gynaecology), PGD (Ultrasonography)​

16+
Years of experience: 
  350+
  Number of cycles: 
View Profile
Dr. Rakhi Goyal

Chandigarh

Dr. Rakhi Goyal

MBBS, MD (Obstetrics and Gynaecology)

23+
Years of experience: 
  3500+
  Number of cycles: 
View Profile
Dr. Muskaan Chhabra

Lajpat Nagar, Delhi

Dr. Muskaan Chhabra

MBBS, MS (Obstetrics & Gynaecology), ACLC (USA)

13+
Years of experience: 
  1500+
  Number of cycles: 
View Profile
Dr. Swati Mishra

Kolkata, West Bengal

Dr. Swati Mishra

MBBS, MS (Obstetrics & Gynaecology)

20+
Years of experience: 
  3500+
  Number of cycles: 
View Profile

To know more

Birla Fertility & IVF aims at transforming the future of fertility globally, through outstanding clinical outcomes, research, innovation and compassionate care.

Need Help?

Talk to our fertility experts

Had an IVF Failure?

Talk to our fertility experts